নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূমিপট্টা : শোণিতপুৰ-ডুমডুমা-যোৰহাট-দেৰগাঁৱত আনন্দৰ বন্যা

শোণিতপুৰত উছৱমুখৰ পৰিৱেশ

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটে Assam Fixation of Land Holding (Amendment) Bill, 2026ৰ জৰিয়তে অসমৰ চাহ শ্রমিক পৰিয়ালৰ মাজত মাটিৰ ম্যাদী পট্টা বিতৰণৰ বাবে গ্ৰহণ কৰা ঐতিহাসিক সিদ্ধান্তক আদৰণি জনাইছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিয়ে। ২০২৬ৰ পূৰ্বে আদিবাসী তথা চাহ জনগোষ্ঠীয় ৰাইজৰ হাতত মাটিৰ ম্যাদী পট্টাৰ প্ৰমাণপত্ৰ লাভ কৰাৰ পিছতেই ২০২৬ত বিজেপি চৰকাৰৰ বিজয় নিশ্চিত বুলি জনায় আছাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি আনন্দ তাঁতিৰ লগতে চাহ শ্ৰমিক ৰাইজে।

ডুমডুমাতো ভূমিপট্টাৰ সিদ্ধান্তক আদৰণি আটছাৰ

বিধানসভাত চাহ শ্ৰমিকক ভূমি আবণ্টনৰ লগতে পট্টা প্ৰদানৰ সিদ্ধান্তৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ লগে লগে ৰাজ্যখনৰ চাহ বাগিচা অঞ্চলত আনন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গল। ডুমডুমাত বিজেপিৰ চাহ মৰ্চাৰ উদ্যোগত বাগিচা অঞ্চলত আতচবাজীৰে আনন্দ প্ৰকাশ কৰা পৰিলক্ষিত হয়। ইয়াৰ সমান্তৰালভাৱে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডুমডুমা শাখা সমিতিয়ে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে চাহ জনগোষ্ঠীৰ অন্যতম মুল দাবী অনুসূচীকৰণ আৰু দৈনিক মজুৰি বৃদ্ধিৰ সিদ্ধান্ত শীঘ্ৰে লবলৈ দাবী জনায়। আটছা নেতা ৰূপেশ তাঁতীয়ে চাহ শ্ৰমিকৰ ঘৰভেটিৰ ভুমি আবন্টন দিয়া আৰু পট্টা প্ৰদানৰ দাবী আটছাৰ ২০ দফিয়া দাবীৰ অংশ আছিল বুলি জনোৱাৰ লগতে চাহ শ্ৰমিকক ভুমি পট্টা প্ৰদানৰ সিদ্ধান্তক ঐতিহাসিক সিদ্ধান্ত বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীক ধন্যবাদ জনায়।

যোৰহাটতো আনন্দ

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি দুশ বছৰৰ পাছত চাহ শ্ৰমিকক মাটিৰ অধিকাৰ দিলে। দুশ বছৰে বসবাস কৰি চাহ শ্ৰমিকসকল অসমীয়া ভাষা সংস্কৃতিৰ লগত মিলি যোৱাৰ পাছতো মালিক পক্ষৰ হাতত আছিল মাটিৰ অধিকাৰ। ৮২৫খন চাহ বাগিচাৰ শ্ৰমিকে প্ৰতি জনে এবিঘাকৈ মাটি লাভ কৰিব। অসম চৰকাৰে আইন আনি এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিলে। যোৰহাটত সাংসদ কামাখ্যা প্ৰসাদ তাছাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ভুয়সী প্ৰশংসা কৰে। তেওঁ কয় এই খন চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিছে। তদুপৰি তেওঁলোকে পাঁচ হেজাৰ টকাকৈ আৰ্থিক সকাহ লাভ কৰিব।

দেৰগাঁৱত আনন্দৰ বন্যা

ভূমি পট্টা লাভ কৰি আনন্দিত ৰাজ্যৰ চাহ শ্ৰমিক। দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ভুলুকিটিং চাহ বাগিচাত আনন্দৰ বন্যা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি কথা কয় সেয়া কৰি দেখাই। মুখ্যমন্ত্ৰী আমাৰ ভগৱান। কংগ্ৰেছ চৰকাৰ থকা হলে চাহ শ্ৰমিকে কেতিয়াও ভূমি পট্টা নাপায়। কংগ্ৰেছে শ্ৰমিকক ৫০ বছৰে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিলে। বিজেপি চৰকাৰেহে শ্ৰমিকৰ কথা চিন্তা কৰে। আন কোনেও নকৰে। মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু আৰ্শীবাদেৰে কৃতজ্ঞতা জ্ঞাপন কৰিলে কম হয়,তেখেতক গোটেই জীৱন চাহ জনগোষ্ঠী লোকে ওৰেতো জীৱন মনত ৰাখিব। ভুলুকিটিংত মূখ্যমন্ত্ৰী জিন্দাবাদ ধ্বনিৰে মুখৰিত কৰিছে চাহ শ্ৰমিকে।

ডিজিটেল ডেস্ক, ২৯ নৱেম্বৰ

You might also like