দুশ বছৰত ইতিহাস গঢ়ি চাহ শ্রমিকলৈ ভূমিপট্টা
২০০ বছৰীয়া ইতিহাসত নজিৰ সৃষ্টিৰে চাহ শ্রমিকক প্রদান কৰা হ’ল ভূমিপট্টা ৷ অসম বিধানসভাৰ অধিৱেশনত গৃহীত হ’ল দ্য আছাম ফিক্সেচন অৱ চিলিং অন লেণ্ড হ’ল্ডিংছ (এমেণ্ডমেণ্ট) বিধেয়ক৷ এই বিধেয়কৰ জৰিয়তে ৰাজ্যত তিনি লাখ ৩০ হাজাৰ চাহ শ্রমিকে দখল কৰি থকা মাটিতে লাভ কৰিব ভূমিৰ পট্টা৷
উল্লেখ্য যে ৰাজ্যৰ চাহ শ্রমিকসকলক ভূমিৰ পট্টা প্রদান কৰিব বুলি ইতিপূর্বে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কৰা ঘোষণা অনুসৰিয়ে আজি চাহ বাগিচাৰ শ্রমিকে লাভ কৰিলে ভূমিৰ পট্টা৷ বিধানসভাত উত্থাপিত এই বিধেয়কখন পাৰিত কৰাৰ পূর্বেই মুখ্যমন্ত্রী ড০ শর্মাৰ ঘোষণা– কংগ্রেছ চৰকাৰে বাগিচাৰ শ্রমিকসকলক দাসত্বৰ বান্ধোনত বান্ধি থৈছিল৷
বর্তমানৰ চৰকাৰে ২০০ বছৰৰ শ্রমৰ স্বীকৃতি দিলে শ্রমিকসকলক৷ কোনো চৰকাৰে পূর্বে এনে পদক্ষেপ ল’ব পৰা নাছিল৷ পূর্বৰ চৰকাৰৰ বাবে চাহ শ্রমিকসকল আছিল কেৱল ভোটবেংক৷ ৰাজহ মন্ত্রী কেশৱ মহন্তই বিধেয়কখন পাৰিতকৰণৰ বাবে সদনত বিধেয়খন উত্থাপনৰ পাছত হোৱা বিতর্কত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই তেওঁৰ ভাষণত কয়– ৰাজহ চিলিং এখন ঐতিহাসিক আইন৷
এই আইনখন অনাত কংগ্রেছ দলৰ যি অৰিহণা তাক কোনেও নাকচ কৰিব নোৱাৰে, নিশ্চিতভাৱে ইয়াক স্বীকৃতি দিব লাগিব৷ কিন্তু এই লেণ্ড চিলিং আইনখন প্রস্তুত কৰোঁতে কংগ্রেছ দলে পদে পদে চাহ বাগিচাৰ মালিকসকলৰ সুৰক্ষাৰ কথাটো চিন্তা কৰিছিল৷
যেতিয়া লেণ্ড চিলিং আইনখন অন হৈছিল, আইনখনৰ ধাৰা ৪ (২)ত উল্লেখ কৰা হৈছে যে বাগিচাৰ মালিকে চাহ খেতি কৰা মাটিখিনিক বাদ দি অধিক মাটি ৰাখিব নোৱাৰিব৷ এই নিয়মলৈ ঠিকে আছিল যদিও আইনখনত আন এটা শব্দ উল্লেখ কৰি চাহ বাগিচাৰ মালিকৰ স্বার্থৰ বাবে স্পষ্ট কৰা হ’ল যে চাহ খেতিৰ উপৰি আন মাটি বেলেগ কামৰ বাবে আৰু শ্রমিকৰ বাবে ৰাখিব পাৰিব৷
ইয়াৰ জৰিয়তে চাহ বাগিচাৰ মালিকক অধিক মাটি ভোগ কৰাৰ অধিকাৰ প্রদান কৰা হ’ল এই চিলিং আইনৰ জৰিয়তে৷ যি সময়ত কংগ্রেছে হাজাৰ হাজাৰ কৃষকক মাটিৰ অধিকাৰ দিছিল, সেই সময়ত কংগ্রেছ দলক আটাইতকৈ বেছি ভোট দিয়া চাহ শ্রমিকসকলক মাটিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হ’ল৷
মুখ্যমন্ত্রীয়ে পুনৰ কয়– চাহ বাগিচাৰ শ্রমিকসকলক কংগ্রেছ চৰকাৰৰ কার্যকালত সদায়ে মালিকৰ দিশেৰেহে চোৱা হৈছিল৷ কিন্তু এই চৰকাৰে ২০০ বছৰ পিছত মালিক আৰু শ্রমিকৰ সম্পর্কৰ ঠাইত এজন স্বাধীন দেশৰ নাগৰিকৰ দৰে চাহ শ্রমিকে সমান অধিকাৰ পাব লাগিব৷ মালিক আৰু শ্রমিকৰ পৰিভাষাৰ পৰিৱর্তে এই চৰকাৰে মালিকৰ এটা ভোট, শ্রমিকৰ এটা ভোট এই পৰিচয়েৰে চাহ শ্রমিকসকলক আগুৱাই নিয়া হ’ব৷
এটা ধাৰণা আছে যে চাহ শ্রমিকসকল ৰাজনৈতিকভাৱে শক্তিশালী হ’লে চাহ খেতি কৰা লোকৰ অভাৱ হ’ব৷ কিন্তু এয়া ভুল ধাৰণা৷ আজি শ্রমিকসকলৰ বুকুৰ পৰাই নেতা, চিকিৎসক, অভিযন্তাৰ জন্ম হৈছে৷ তাৰ মানে এয়া নুবুজায় যে চাহ শ্রমিকৰ পৰিয়ালত শিক্ষিত লোকৰ জন্ম হ’ব আৰু চাহ বাগিচাৰ পাত কোনে তুলিব?
প্রয়োজন হ’লে এতিয়া চাহ বাগিচাৰ মালিকৰ সন্তানেও পাত তুলিব৷ পৰিৱেশ আৰু পৰিস্থিতি গণতন্ত্রই সলনি কৰে৷ সেই দাসত্ব শৃংখলৰ পৰা স্থায়ীভাৱে চাহ শ্রমিকক মুক্তি দিবলৈ এই ঐতিহাসিক বিধেয়কখন বিধানসভাত অনা হৈছে৷ উল্লেখ্য যে আজি বিধানসভাত গৃহীত হোৱা দ্য আছাম ফিক্সেচন অৱ চিলিং অন লেণ্ড হ’ল্ডিংছ (এমেণ্ডমেণ্ট) বিধেয়কৰ জৰিয়তে ৰাজ্যৰ ৮২৫ বাগিচাৰ ৩,৩৩,৪৮৬টা চাহ শ্রমিক পৰিয়ালে লাভ কৰিব ২,১৮,৫৫৩ বিঘা ভূমিৰ স্বত্ব৷
তদুপৰি আবণ্টিত ভূমি ২০ বছৰ পর্যন্ত কৰিব নোৱাৰিব বিক্রী৷ কেৱল উন্নয়নৰ বাবে প্রতিষ্ঠানিক ঋণ লাভৰ ক্ষেত্রত বন্ধক ৰখাৰহে অনুমতি লাভ কৰিব৷ ২০ বছৰ উকলি গ’লে কেৱল সংশ্লিষ্ট বাগিচাখনৰ মাজতহে ক্রয়–বিক্রয় কৰিব পাৰিব৷
আনহাতে পট্টাপ্রাপ্ত শ্রমিকে ঘৰ নির্মাণৰ বাবে চৰকৰী সাহায্য লাভৰ বাবেও যোগ্য হ’ব৷ বিধেয়কখনৰ জৰিয়তে যোগ্য ব্যক্তিক চিনাক্তকৰণ–পট্টন্ প্রক্রিয়া তদাৰকী কৰিবলৈ প্রতিখন বাগিচা পর্যায়ত কমিটী গঠনৰ ব্যৱস্থাৰ কথা উল্লেখ কৰা হৈছে৷ আজি মুখ্যমন্ত্রী ড০ শর্মাই চাহ শ্রমিকক ভূমিপট্টা প্রদান সন্দর্ভত ইয়াকো উল্লেখ কৰি কয়– অহা জানুৱাৰী মাহত কেবিনেটত সিদ্ধান্ত হ’ব যে এতিয়াৰে পৰা এচিএছ, এপিএছৰ দৰে প্রথম আৰু দ্বিতীয় শ্রেণীৰ চাকৰিতো চাহ বাগিচাৰ শ্রমিকৰ বাবে সংৰক্ষণৰ ব্যৱস্থা ৰখা হ’ব৷
ইতিমধ্যে তৃতীয় আৰু চতুর্থবর্গৰ চৰকাৰী চাকৰিত চাহ বাগিচাৰ শ্রমিকৰ বাবে তিনি শতাংশ সংৰক্ষণ ৰখাৰ ফলত বহু চাহ জনগোষ্ঠীৰ যুৱক–যুৱতীয়ে চাকৰি পাবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই বিধেয়কখন সন্দর্ভত পুনৰ কয়– প্রতিখন চাহ বাগিচাৰ শ্রমিকক এটা সময়ত যদি ২ লাখকৈও পুঁজি দিব পৰা যায় তেওঁলোকে বেংকৰ পৰা ঋণ লৈ একোটাকৈ ঘৰ নির্মাণ কৰিব পৰিব৷
সেই দিশতো পৰৱর্তী সময়ত চৰকাৰে চিন্তা কৰিব৷ এই চৰকাৰখনে কনচালটেচন প্রচেছত বিশ্বাস কৰে৷ সেয়েহে এই বিধেয়কখন অনাৰ পূর্বে এচিএমএছ, চাহ জনজাতি ছাত্র সন্থা, আশা, বিচিএমএছ, জাতীয় মহাসভা সকলোৰে সৈতে এই বিধেয়কখনৰ বিষয়ে আলোচনা কৰা হৈছিল৷ সেই আলোচনাৰ সিদ্ধান্তৰ ভিত্তিতে এই বিধেয়কখন প্রস্তুত কৰা হৈছে৷
এই বিধেয়কখনত সেয়েহে একমাত্র চৰকাৰৰ বক্তব্যয়েই নাই, আইনখনত শ্রমিকসকলৰ অৱদানো আছে৷ যোৱা ছমাহত চৰকাৰখনৰ যথেষ্ট কনচালটেচন, আলোচনাৰ মাজেৰে বিধেয়কখন আৰম্ভ কৰা হৈছিল৷ মই অসমৰ সকলো চাহ জনজাতি–আদিবাসী সমাজখনক এই ঐতিহাসিক মুহূর্তত অসম বিধানসভাৰ হৈ ধন্যবাদ–শুভকামনা যাচিছোঁ৷
ডিজিটেল ডেস্ক, ২৯ নৱেম্বৰ