তামুলপুৰ-ত পথ দুর্ঘটনাত নিহত যুৱক
ৰঙিয়াৰ এখন কাপোৰ দোকানত কাম কৰি পৰিয়াল পোহপাল দিছিল দিলীপ শীলে
তামুলপুৰ-ত পথ দুর্ঘটনাত নিহত এজন যুৱক
তামুলপুৰ থানাৰ অন্তৰ্গত চিকনিবাৰীত সংঘটিত এক ভয়াৱহ পথ দুর্ঘটনা।
দুৰ্ঘটনাত নিহত হয় দিলীপ শীল (২৩) নামৰ যুৱকজন।
নিহত যুৱকজনৰ ঘৰ তামুলপুৰ জিলাৰ চিকিনীবাৰীত।
এএছ-২৫-এএ-৮৫২৭ নম্বৰৰ স্কুটীৰে ৰঙিয়াৰ পৰা গৃহ অভিমুখে আহি আছিল যুৱকজন।
সেই সময়তে চিকনীবাৰীত অচিনাকি বাহনে খুন্দিয়াই থৈ যায় যুৱকজনক।
পথ দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে গান্ধীবাৰী আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।
উল্লেখ্য যে ৰঙিয়াৰ এখন কাপোৰ দোকানত কাম কৰি পৰিয়াল পোহপাল দিছিল দিলীপ শীলে।
ডিজিটেল ডেস্ক, ৩ ডিচেম্বৰ