নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ৬ ডিচেম্বৰ : বিদ্যালয়ৰ সাজেৰে আঘোণীয়া পথাৰত সোণগুটিৰ সান্নিধ্য বিচাৰি পথাৰত নামিল ঢকুৱাখনাৰ এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। ঢকুৱাখনাৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান কাইজেন একাডেমীৰ এক অভিনৱ প্ৰয়াস। ঐতিহ্যৰ সন্ধানত সোণগুটিৰ সান্নিধ্য বিচাৰি আঘোণৰ পথাৰত নামিল ভৱিষ্যত প্ৰজন্ম। এদিনৰ বাবে শ্ৰেণীকোঠা, পাঠ্যপুথিৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক আঁতৰাই জীৱনমুখী শিক্ষা দিয়াৰ লগতে কৃষকৰ জীৱন পৰিক্ৰমা উপলব্ধি কৰোৱাৰ বাবেই শনিবাৰে শিক্ষানুষ্ঠানখনৰ একাংশ ছাত্ৰ-ছাত্ৰীক লৈ যোৱা হ’ল নিকটৱৰ্তী এখন পথাৰলৈ।
স্বকীয় ঐতিহ্যৰ সুবাস বিচাৰি হাতে হাতে কাঁচি লৈ ভগামুখ গাঁৱৰ সোণোৱালী ধাননি পথাৰত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ নেতৃত্বত নামি পৰিল ছাত্র-ছাত্রীসকল। অসমীয়া কৃষিজীৱী সমাজৰ বাবে যুগ যুগ ধৰি আঘোণৰ পথাৰে কঢ়িয়াই লৈ ফুৰা আৱেগ তথা স্বকীয় ঐতিহ্যৰ সুবাস বিচাৰি একাত্ম হোৱাৰ উদ্দেশ্যে স্কুলীয়া ইউনিফর্মতেই ছাত্র-ছাত্রীসকলে হাতত তুলি ল’লে ধেনুভেৰীয়া কাঁচি আৰু সোণগুটিৰ মুঠি। হালি-জালি হাঁহি থকা পকা ধান দাই পথাৰতে মনৰ আনন্দতে গীত জুৰিলে শিক্ষাৰ্থীসকলে। কৃষিকৰ্মৰ সৈতে জড়িত ধান দোৱা, ডাঙৰি বন্ধাৰ প্ৰত্যক্ষ আৰু ব্যৱহাৰিক অভিজ্ঞতাৰ লগতে তমাল চঁচা, ডাঙৰি বন্ধা, লেছেৰি বোটলা, নৰা পেঁপা সজাৰ প্ৰশিক্ষণ দিয়ে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে। তাৰ মাজতে পথাৰৰ আলিত বহি ল’লে ৰবাব টেঙাৰ জুতি। যাৰ বাবে আঘোণৰ পথাৰত ছাত্ৰ-ছাত্ৰীসকলে মুকলি মনেৰে সময় অতিবাহিত কৰিবলৈ পাই আনন্দত আত্মহাৰা হৈ পৰে। নৰা পেঁপাও বজালে প্ৰাণভৰি। প্ৰখৰ ৰ’দকো আওকাণ কৰি ভগামুখ পথাৰত নতুন প্ৰজন্মই ল’লে চহা জীৱনৰ সোৱাদ।
উল্লেখ্য যে ২০০২ চনত স্থাপন কৰা ব্যক্তিগত খণ্ডৰ শিক্ষনুষ্ঠান কাইজেন একাডেমী, ঢকুৱাখনাই অসমীয়া সমাজৰ নৱপ্ৰজন্ম কৃষ্টি আৰু পৰম্পৰাসমূহৰ লগত চিনাকি হ’ব পৰাকৈ ভিন্ন কাৰ্যসূচী বছটোৰ ভিন ভিন সময়ত ৰূপায়ণ কৰি আহিছে। তাৰ মাজতে শনিবাৰে আছিল আন এক প্ৰয়াস।গধুৰ কিতাপৰ বোজাৰ পৰা ওলাই আহিও যে এখন পৃথিৱী আছে, এখন সমাজ আছে, খাটিখোৱা অসমীয়াৰ মন আৰু দুবাহুৰ শক্তি, আছে আই-বোপাইৰ কপালৰ ঘামত গজি উঠা সোণগুটিৰ প্ৰতি হেঁপাহ সেই কথা জানি বুজি যেন ছাত্ৰ-ছাত্ৰীসকল ঘৰমুৱা হ’ল। প্ৰান্তত উলমি থাকিল এটা সমৃদ্ধ ৰঙা বেলিৰ ৰক্তিম আভা। ইফালে, সকলোফালে আধুনিক জীৱনশৈলীয়ে আগুৰি ধৰাৰ সময়তে চহা খেতিয়কৰ জীৱনৰ অভিজ্ঞতা দিবলৈ বিদ্যালয়খনে লোৱা এই প্ৰচেষ্টাক শলাগ লৈছে সকলোৱে।