নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱাত নৈশ ক্লাবত পার্টীৰ সময়তে প্রলয়ংকৰী জুইত নিহত ৩ অসমীয়া

গোৱাৰ এটা জনপ্রিয় নৈশ ক্লাবত পার্টী চলি থকা সময়তে সংঘটিত হয় এটি ভয়াৱহ অগ্নিকাণ্ড৷ এই ঘটনাত মৃত্যু হয় ২৫জন লোকৰ৷ এই ঘটনাৰ বাবেই গ্রেপ্তাৰ কৰা হয় ক্লাবটোৰ মেনেজাৰক৷ অভিযোগ মতে, ক্লাবটো বেআইনীভাৱে নির্মাণ কৰা হৈছিল৷

এই ঘটনাত জুই–ধোঁৱাত আবদ্ধ হৈ ধেমাজিৰ এজন–কাছাৰৰ ২জনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

ইয়াৰ প্রৱেশ আৰু প্রস্থান পথটো আছিল অত্যন্ত ঠেক৷ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত অগ্নিনির্বাপক বাহিনীৰ কর্মী তালৈ যোৱাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়৷  উত্তৰ গোৱাৰ সমুদ্র তীৰত অৱস্থিত ‘বির্ছ’ নামৰ এই জনপ্রিয় নৈশ ক্লাবটোত সংঘটিত অগ্নিকাণ্ড সন্দর্ভত স্থানীয় পঞ্চায়তৰ প্রধান ৰোছন ৰেডকৰে কয়– ‘ক্লাবটোৰ দুগৰাকী অংশীদাৰৰ মাজত মতানৈক্য আছিল৷ তেওঁলোকে পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে পঞ্চায়তত অভিযোগ দাখিল কৰিছিল৷ তাৰ পিছতে আমি ক্লাবটো পৰিদর্শনৰ বাবে যাওঁ৷ জানিব পাৰোঁ যে ক্লাবটো অনুমতি অবিহনে নির্মাণ কৰা হৈছিল৷’

তেওঁ আৰু কয়– ‘পঞ্চায়তৰ তৰফৰ পৰা সেই ক্লাবটো ভাঙি দিয়াৰ বাবে ন’টিচো জাৰি কৰা হৈছিল৷ কিন্তু পিছত ওপৰ মহলৰ পৰা তাক স্থগিত কৰা হয়৷ সংবাদ প্রতিষ্ঠানৰ বাতৰিত প্রকাশ পোৱা মতে, অগ্নিকাণ্ডৰ পিছতে ক্লাবৰ ভিতৰত দৌৰা–দৌৰি হয়৷ প্রৱেশ আৰু প্রস্থান পথ ঠেক হোৱা বাবে বহু লোকেই তাৰ পৰা ওলাই অহাত সমস্যাত পৰে৷ ক্লাবটোৰ ভিতৰতে কেইবাগৰাকীও অগ্ণিদগ্ধ হৈ মৃত্যুমুখত পৰে৷

অগ্নি নির্বাপণ বাহিনীৰ কর্মীসকলে ঠেক পথটোৰ বাবে ৪০০ মিটাৰ দূৰৰ পৰা জুই নুমুওৱাৰ চেষ্টা কৰিবলগা হয়৷ ফলত জুই নুমুওৱাত বিলম্ব ঘটে৷ ততাতৈয়াকৈ ক্লাবৰ পৰা বাহিৰ ওলাব নোৱাৰাত ভিতৰত জমা হোৱা ধোঁৱাৰ বাবেই শ্বাসৰুদ্ধ হৈও কেইবাগৰাকীও মৃত্যুমুখত পৰে৷

গোৱাৰ মুখ্যমন্ত্রী প্রমোদ সাৱন্তৰ উদ্ধৃতি দি সংবাদ প্রতিষ্ঠানে প্রকাশ কৰিছে যে অগ্নিকাণ্ডৰ ঘটনা সন্দর্ভত এফআইআৰ দাখিল কৰা হৈছে৷ ইতিমধ্যে ক্লাবৰ জেনেৰেল মেনেজাৰ আৰু আনকেইজনমানক গ্রেপ্তাৰ কৰা হৈছে৷ ঘটনাৰ পিছৰে পৰা ক্লাবটোৰ মালিকজন সন্ধানহীন হৈ পৰে৷ তেওঁৰ বিৰুদ্ধেও গ্রেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে৷

মুখ্যমন্ত্রীগৰাকীয়ে কয়– ‘এই ঘটনাত যিসকল লোক দোষী, তেওঁলোকৰ কাকোৱেই ৰেহাই দিয়া নহ’ব৷ উল্লেখ্য যে অগ্ণিকাণ্ড সংঘটিত হোৱাৰ সময়ত ক্লাবত যথেষ্ট ভিৰ আছিল আৰু ক্লাবৰ দ্বিতীয় মহলাত নাচ–গানৰ আয়োজন কৰা হৈছিল৷ তাত ক্লাবৰ সদস্য, কর্মী তথা পর্যটককে ধৰি প্রায় ১০০জন লোক উপস্থিত আছিল৷

সেই সময়তে হঠাতে বিস্ফোৰণৰ শব্দ হয়৷ তাৰ পিছতে জুই বিয়পি পৰে৷ অগ্ণিনির্বাপক বাহিনীৰ প্রাথমিক অনুমান মতে গেছ চিলিণ্ডাৰৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয়৷ তেওঁলোকৰ মতে, মৃত লোকসকলৰ ভিতৰত ১৪জন হোটেলৰ কর্মী, চাৰিজন পর্যটক আৰু বাকীসকল স্থানীয় লোক৷

বাতৰিত প্রকাশ পোৱা মতে, ক্লাবৰ ভূমি মহলাত থকা মূল পাকঘৰটোৰ পৰা এই অগ্নিকাণ্ডৰ সূত্রপাত হয়৷ অগ্নিকাণ্ডটোত মৃত্যু হোৱা ১৪জন ক্লাবৰ কর্মী আছিল ৰান্ধনিশালত কর্মৰত৷ তেওঁলোকৰ ভিতৰত চাৰিজন নেপালৰ, তিনিজন ঝাৰখণ্ডৰ, ছজন উত্তৰাখণ্ডৰ আৰু এজন অসমৰ বুলি কোৱা হৈছে৷ মৃত্যু হোৱা পর্যটক চাৰিগৰাকীৰ মৃতদেহ এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই৷

ডিজিটেল ডেস্ক, ৮ ডিচেম্বৰ

You might also like