পপ-ৰেপ ছঙৰ ছন্দোবদ্ধ লহৰ : সংগীতৰ মায়াজালেৰে মুহিবলৈ আজি গুৱাহাটীত পোষ্ট মেলন
পোষ্ট মেলন জ্বৰত আক্রান্ত সমগ্র উত্তৰ–পূব, সকলো আসনৰ টিকট বুক, অধীৰ উৎকণ্ঠা গুৱাহাটীবাসী
ডিচেম্বৰ মাহৰ হাড় কঁপোৱা নিশা পপ–ৰেপ সংগীতৰ ছন্দোবদ্ধ সুৰৰ লহৰেৰে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত হাজাৰ হাজাৰ অনুৰাগীক মোহাৱিষ্ট কৰিবলৈ আজি গুৱাহাটীত উপস্থিত হ’ব বিশ্ববিখ্যাত পপ ষ্টাৰ পোষ্ট মেলন৷
পশ্চিমীয়া সংগীতৰ সুৰৰ ধ্বনিৰে সমগ্র উত্তৰ–পূর্বাঞ্চলবাসীক মোহাচ্ছন্ন কৰিবলৈ গুৱাহাটীত ইতিমধ্যে উপস্থিত হৈছেহি পোষ্ট মেলনৰ সংগীত সহযোগীৰ এটা দল৷ অসম চৰকাৰৰ ‘কনচার্ট টুৰিজিম’ৰ অধীনত বুক মাই শ্ব’ই আয়োজন কৰা এই কনচার্টৰ বাবে অসমকে ধৰি সমগ্র উত্তৰ–পূর্বাঞ্চল মেলন জ্বৰত আক্রান্ত হৈছে৷
পপ–ৰেপ সংগীতৰ ছন্দোবদ্ধ লয়লাসৰ সুৰৰ তালে তালে আজি খানাপাৰাৰ খেলপথাৰৰ চৌদিশ গুঞ্জৰিত হৈ উঠিব৷ মেলনৰ ছন্দোময় সংগীতৰ লহৰত পশ্চিমীয়া সংগীতৰ অনুৰাগীৰ গা–মন শিহৰিত হৈ উঠিব৷ ছন্দোবদ্ধ সুৰত সুললিত কণ্ঠেৰে মন–প্রাণ ঢ়ালি গোৱা মেলনৰ কণ্ঠত জাগি ৰ’ব খানাপাৰাৰ নিশাৰ পৰিৱেশ৷
প্রথম ডিচেম্বৰৰ এই হাড় কঁপোৱা জাৰৰ নিশা পোষ্ট মেলনৰ সুৰৰ ৰাগিত মাতাল হ’ব অসংখ্য যুৱক–যুৱতী, সংগীত অনুৰাগী৷ পোষ্ট মেলনৰ লয়লাসৰ সুৰধ্বনি এবাৰ নিজ কাণে শুনিবৰ বাবে, পোষ্ট মেলনক দুচকুৰে এবাৰ প্রত্যক্ষ কৰি সংগীত সাগৰত উচ্ছল তৰংগৰ ধ্বনি শুনিবৰ কাৰণে সমগ্র উত্তৰ–পূর্বাঞ্চলৰ সংগীতপ্রেমী গভীৰ আগ্রহেৰে বাট চাই আছে৷
মাজত মাত্র আৰু চৌবিশ ঘণ্টা বাকী থকা অৱস্থাত পোষ্ট মেলন কনচার্টৰ বাবে সকলো সাজু হৈ উঠিছে৷ ইতিমধ্যে পোষ্ট মেলন কনচার্টৰ সকলো টিকট বিক্রী হৈ গৈছে বুলি বুক মাই শ্ব’ৰ এগৰাকী বিষয়ববীয়াই সদৰী কৰিছে৷ অসম চৰকাৰৰ নতুন পর্যটন নীতি অনুসৰি কনচার্ট টুৰিজিমৰ প্রথমটো অনুষ্ঠানতে চমক সৃষ্টিৰে আৰু নিচেই কম মূল্যতে টিকট প্রদান কৰি উত্তৰ–পূর্বাঞ্চলৰ নতুন প্রজন্মক পশ্চিমীয়া সংগীতৰ সৈতে পৰিচয় কৰি দি ইয়াত অৱগাহনৰ সুযোগ প্রদান কৰা হৈছে৷
ইতিমধ্যে খানাপাৰাৰ খেলপথাৰত আয়োজন কৰা মিউজিক কনচার্টৰ ২৫ হাজাৰ আসনৰ প্রায় আটাইবোৰেই বিক্রী হৈ যোৱা বুলি প্রকাশ কৰিছে পর্যটন উন্নয়ন নিগমৰ এজন বিষয়াই৷ পোষ্ট মেলনৰ সংগীত কনচার্টৰ বাবে গভীৰ আগ্রহেৰে ৰৈ থকা উত্তৰ–পূবৰ যুৱক–যুৱতী তথা সংগীতানুৰাগীসকলে অতি কম মূল্যত টিকটসমূহ ক্রয় কৰিবলৈ পাই আনন্দত আত্মহাৰা হোৱা দেখা গৈছে৷
উল্লেখ্য যে প্রথম অৱস্থাত একেটা ভিআইপি টিকটৰ মূল্য ৫,৯৯৯ টকা ধার্য কৰা হৈছিল যদিও শেহতীয়াকৈ এই টিকটৰ মূল্য ৩,৯৯৯ টকালৈ হ্রাস কৰা হয় আৰু মুহূর্ততে সকলো টিকট বিক্রী হয়৷ সাধাৰণ দর্শকৰ বাবে টিকটৰ মূল্য ২–৩ হাজাৰ আৰু ছাত্র–ছাত্রীৰ বাবে ১,৫০০ টকা মূল্য ধার্য কৰি সংগীতানুষ্ঠানত সংগীত শুনাৰ ব্যৱস্থা কৰি দিয়া হয়৷
উল্লেখ্য যে ভাৰতবর্ষত দ্বিতীয়বাৰৰ বাবে গুৱাহাটীত পোষ্ট মেলনৰ সংগীতানুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে অঞ্চলটোৰ পর্যটন ক্ষেত্রৰ লগতে আন্তর্জাতিক সাংস্কৃতিক ক্ষেত্রখনৰ লগত অসম তথা উত্তৰ–পূর্বাঞ্চলৰ সংস্কৃতিৰ জগতখনৰ সমন্বয় গঢ়াৰ সুযোগ তৈয়াৰ কৰা হৈছে৷ আজি নিশা অবিৰতভাৱে সংগীত পৰিৱেশন কৰিবলগীয়া পোষ্ট মেলনৰ এই কনচার্টলৈ চুবুৰীয়া ভূটান–নেপাল আদিৰ অনুৰাগীও অহাৰ সম্ভাৱনা আছে৷
ডিজিটেল ডেস্ক, ৮ ডিচেম্বৰ
লগতে এইটোও পঢ়ক — গোৱাত নৈশ ক্লাবত পার্টীৰ সময়তে প্রলয়ংকৰী জুইত নিহত ৩ অসমীয়া