নিয়মীয়া বাৰ্তা, বাইহাটা চাৰিআলি, ৭ ডিচেম্বৰ : হিন্দু ছাত্ৰীৰে ভয়ংকৰ কাণ্ড কৰিলে ৰাহুল আমিনে। বাইহাটা চাৰিআলিত লাভ জেহাদৰ বলি হোৱা নাবালিকাগৰাকী অসুস্থ হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে।
কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দিনকৰ গাঁৱৰ যুৱক ৰাহুল আমিনে পুঠিমাৰীৰ নিকটৱৰ্তী এখন গাঁৱৰ এগৰাকী কিশোৰীক বাইহাটা চাৰিআলিৰ এখন লজত বলপূৰ্বক যৌন আতিশয্য চলোৱা এক ঘটনাই অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত বাইহাটা চাৰিআলি আৰক্ষীয়ে ২৯৮/২৫নং গোচৰ ৰুজু কৰি পকছ’ আইনৰ ধাৰাত লম্পট ৰাহুল আমিনক গ্ৰেপ্তাৰ কৰে ৷ অভিযুক্তক ৰঙিয়া মহকুমা আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে অভিযুক্ত যুৱক ৰাহুল আমিনক নলবাৰী জে’ললৈ প্ৰেৰণ কৰে ৷
আনহাতে, যৌন নিৰ্যাতনৰ বলি হোৱা কিশোৰীগৰাকীক আৰক্ষীয়ে জিএমচিএইচলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে৷ বৰ্তমানেও কিশোৰীগৰাকী চিকিৎসাধীন হৈ আছে ৷ উল্লেখ্য যে কমলপুৰ সমষ্টিৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত নতুনকৈ গঢ়ি উঠা একাংশ লজ-হোটেলত দিন-দুপৰতে যৌন ব্যৱসায় চলি থকা বিষয়টোক লৈ ৰাইজৰ মাজত ব্যাপক চৰ্চা চলি থকাৰ পিছতো স্থানীয় আৰক্ষীয়ে নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰি থকাৰ অভিযোগ উঠিছে ৷ উক্ত লজ-হোটেলসমূহক নাকী লগাবলৈ আৰক্ষীক দাবী জনাইছে ৰাইজে ৷ অন্যথা ৰাইজে নিজেই অভিযান চলাব বুলিও হুংকাৰ দিছে ৷
উল্লেখ্য যে বিগত সময়তো পাকিস্তান জিন্দাবাদ ধ্বনি দি জে’ললৈ গৈছিল ৰাহুল আমিন নামৰ যুৱকজন।