নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ শ্বহীদ দিৱস, বৰাগাঁৱত নতুন শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

কাইলৈ শ্বহীদ দিৱস উপলক্ষে গুৱাহাটীৰ বৰাগাঁৱত নিৰ্মাণ কৰা নতুন শ্বহীদ স্মাৰক ক্ষেত্ৰৰ শুভ উদ্বোধন অনুষ্ঠিত হ’ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰিব।

এই স্মাৰক ক্ষেত্ৰ বিশেষ, কিয়নো ৮৬০গৰাকী শ্বহীদৰ স্মৃতি মনত ৰাখি নিৰ্মাণ কৰা হৈছে। অত্যাধুনিক ৰূপে সাজি তোলা এই সৌধটোত থাকিব ছাউণ্ড এণ্ড লাইটৰ ব্যৱস্থা, যাতে স্মৰণ অনুষ্ঠান আৰু শ্রদ্ধাঞ্জলি অনুষ্ঠানত সহায়ক হয়।

মঙলবাৰে পুৱা মুখ্যমন্ত্ৰীয়ে নিজে উপস্থিত থাকি স্মাৰক ক্ষেত্ৰৰ তদাৰকী সংশোধন আৰু আৰম্ভণিক পৰ্যবেক্ষণ কৰে। মুখ্যমন্ত্ৰীয়ে কয়- “৮৬০জন শ্বহীদক আন্তৰিক শ্রদ্ধাঞ্জলি জনোৱা হ’ব।” উদ্বোধনী অনুষ্ঠানত “ভিন্ন প্ৰান্তত শ্বহীদ প্ৰণামো তোমাক” নামৰ গীত পৰিৱেশন কৰা হ’ব।

মুখ্যমন্ত্ৰীৰ মতে— কাইলৈৰ দিনটো অসমৰ জাতীয় জীৱনৰ বাবে এক স্মৰণীয় দিন হ’ব। কাৰণ, শ্বহীসকলক লৈ চৰকাৰে প্ৰথমবাৰৰ বাবে এনে উদ্যোগ গ্ৰহণ কৰিছে।

তথাপি, মুখ্যমন্ত্ৰীয়ে জনায় যে এতিয়াও বহু শ্বহীদৰ ছবি সংগৃহীত হোৱা নাই, তাৰ বাবে সকলো প্ৰতিমূৰ্ত্তি স্থাপন কৰা সম্ভৱ হোৱা নাই।

এই নতুন স্মাৰক ক্ষেত্ৰই অসমৰ সু-স্মৃতি সংৰক্ষণ আৰু ভবিষ্যৎ প্রজন্মক দেশৰ ত্যাগীসকলক স্মৰণ কৰি চলা এক গুৰুত্বপূর্ণ পদক্ষেপ বুলি মন্তব্য কৰিছে চৰকাৰে।

ডিজিটেল ডেস্ক, ৯ ডিচেম্বৰ

You might also like