শ্বহীদ প্ৰণামো তোমাক… বৰাগাঁৱত মুকলি শ্বহীদ স্মাৰক ক্ষেত্ৰ
আজি শ্বহীদ দিৱস। অসম আন্দোলনৰ শ্বহীদৰ স্মৃতিত আজি ৰাজ্যজুৰি শ্বহীদ দিৱস পালন কৰা হৈছে। অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ অসম আন্দোলনত বহু সাধাৰণ মানুহে অংশ লৈ নিজৰ জীৱন বিসর্জন দিছিল। বহু লোক চিৰদিনৰ বাবে নোহোৱা হৈ পৰিছিল। ১৯৮৫ চনৰ অসম চুক্তিৰ জৰিয়তে অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিলেও তৎকালীন সময়ত শ্বহীদৰ উপযুক্ত স্বীকৃতি উপলভ্য হোৱা নাছিল।
শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ উদ্যোগত অসম আন্দোলনত প্ৰাণ বিসর্জন দিয়া শ্বহীদসকলৰ প্রকৃত সংখ্যা নিৰূপণ কৰি তথ্যসমূহ সুনিয়ন্ত্রিতভাৱে সংৰক্ষণ কৰা হৈছে। এই পৰিকল্পনাৰ অংশ হিচাপে পশ্চিম বৰাগাঁৱত প্রায় ১০০ কোটি টকা ব্যয়সাপেক্ষে শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণৰ কাম হাতে লোৱা হৈছিল, যিটো আজি মুকলি কৰা হল।
আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই পশ্চিম বৰাগাঁৱত স্থাপিত শ্বহীদ স্মাৰক ক্ষেত্ৰখন উদ্বোধন কৰে। উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
ডিজিটেল ডেস্ক, ১০ ডিচেম্বৰ