ধুবুৰীত শ্বহীদ দিৱসক স্মৰণ, শ্বহীদ প্ৰণামো তোমাক গীতেৰে শ্ৰদ্ধাঞ্জলি এহেজাৰ শিল্পীৰ
সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে আজি ধুবুৰীতো শ্বহীদ দিৱস উদযাপিত হয়। ধুবুৰী জিলা প্রশাসন উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত ধুবুৰী চহৰৰ মাজমজিয়াৰ ৰজা প্ৰভাত চন্দ্ৰ খেলপথাৰত অনুষ্ঠিত এক ভাৱগম্ভীৰ পৰিৱেশৰ সেই শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়।
অনুষ্ঠানত ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথ, জিলা প্ৰশাসনৰ আমোলা-বিষয়া, ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ডাঃ দেৱময় সান্যাল, ধুবুৰী গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দীপক কুমাৰ সাহা, বিশিষ্ট সমাজকৰ্মী ৰঞ্জিত কুমাৰ ৰায় অসম আন্দোলনৰ সক্ৰিয় কৰ্মী উদয়ন চক্ৰৱৰ্তী, বিশ্বজিৎ কলিতা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু স্থানীয় বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষাগুৰু সকল উপস্থিত আছিল।
আজিৰ ধুবুৰীৰ এই শ্বহীদ দিৱসৰ কাৰ্যসূচীত গুৱাহাটীৰ পশ্চিম বৰাগাওঁত শ্বহীদ দিৱসৰ পৱিত্ৰ ক্ষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্বহীদ স্মাৰক ক্ষেত্ৰৰ শুভ উদ্বোধনী অনুষ্ঠানৰ “লাইভ” সম্প্ৰচাৰ পৰিদৰ্শক হয়।
উদ্ধোধনী কাৰ্যসূচীৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মনোগ্ৰাহী বক্তব্যই ধুবুৰীৰ শ্বহীদ দিৱসৰ কাৰ্যসূচীত উপস্থিত সকলোৰে মন মুহিবলৈ সক্ষম হয়। উল্লেখ্য যে, ধুবুৰীৰ আজিৰ সেই শ্বহীদ দিৱসৰ কাৰ্যসূচীত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কালজয়ী গীত “শ্বহীদ প্ৰণালী তোমাক” শীৰ্ষক গীতেৰে এহেজাৰ গৰাকী শিল্পীয়ে জাতিৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জনায়।
অন্তত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ এক ভাবগধুৰ পৰিৱেশৰ মাজেৰে আজিৰ শ্বহীদ দিৱসৰ কাৰ্যসূচীৰ সমাপ্তি ঘটে। উল্লেখ্য যে, আজি অসম গণ পৰিষদ দলৰ ধুবুৰীস্থ কাৰ্যালয়তো দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস উদযাপিত হয়।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ১০ ডিচেম্বৰ