হাস্পতালত এয়াৰ ষ্ট্ৰাইকত ৩০ লোকৰ মৃত্যু; কিয় বিশ্বজুৰি চৰ্চিত ম্যানমাৰৰ গৃহযুদ্ধ
এই সময়ছোৱাত চীনে সেনাক সামৰিক সহায় আৰু ৰাজনৈতিক চাপ দি সমৰ্থন জনাইছে, যাতে তেওঁলোকৰ পাইপলাইন আৰু ৰেয়াৰ আৰ্থ খননকেন্দ্ৰসমূহ নিৰাপদ থাকে
ম্যানমাৰত গৃহযুদ্ধ। ৰাখাইন প্ৰদেশৰ এখন হাস্পতালত ১০ ডিচেম্বৰৰ নিশা বোমাবর্ষণ হয়, য’ত ৩০জন লোকৰ মৃত্যু হয় আৰু প্ৰায় ৭০জন আহত হয়। অনুমান কৰা হৈছে যে হাস্পতালখনত বিদ্ৰোহী গোট আৰাকান আর্মীৰ যোদ্ধাই চিকিৎসা লৈ আছিল অথবা লুকাই আছিল। ম্যানমাৰ সেনা বা চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে এই আকাশী আক্ৰমণ সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই।
২০২১ চনৰ ১ ফেব্ৰুৱাৰীত ম্যানমাৰৰ সেনাই গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰক অপসাৰণ কৰে। আং ছান চু কি নেতৃত্বাধীন নেশ্যনেল লিগ ফৰ ডেমোক্ৰেচী (NLD) দলটোৱে ২০২০ৰ নিৰ্বাচনত বৃহৎ জয়লাভ কৰিছিল, কিন্তু সেনাই অনিয়মৰ অভিযোগ তুলি ক্ষমতা জবৰদস্তি দখল কৰে। ইয়াৰ পিছতে দেশজুৰি ব্যাপক প্ৰতিবাদ অনুষ্ঠিত হয়, যাক সেনাই কঠোৰ দমন-পীড়নত দমাই পেলায়।
প্ৰতিবাদকাৰীসকলে ‘পিপল্স ডিফেন্স ফোর্স’ (PDF) গঠন কৰে, যি নেশ্যনেল ইউনিটি গভৰ্ণমেন্ট (NUG)-ৰ অস্ত্ৰধাৰী শাখা। লগতে, কেইবাটাও জাতিগত অস্ত্ৰধাৰী গোট (যেনে কাৰেন নেশ্যনেল ইউনিয়ন, কাচিন ইণ্ডিপেণ্ডেন্স অৰ্গানাইজেচন) বহু বছৰ ধৰি স্বশাসনৰ দাবীত সেনাৰ বিৰুদ্ধে লড়াই কৰি আছে।
২০২৪ৰ ভিতৰত বিদ্ৰোহী গোটসকলে ম্যানমাৰৰ প্ৰায় ৪০-৫০% অঞ্চলত নিয়ন্ত্ৰণ ল’বলৈ সক্ষম হয়, বিশেষকৈ সীমান্ত সংলগ্ন এলাকা (যেনে শান ষ্টেট, ৰাখাইন ষ্টেট)। কিন্তু ২০২৫ চনত সেনাই পুনৰাক্ৰমণ আৰম্ভ কৰিছে। উদাহৰণস্বৰূপে, ২০২৫ চনৰ অক্টোবৰত সেনাই তা’আং নেশ্যনেল লিবাৰেচন আর্মি (TNLA)-ৰ হাতৰ পৰা কিয়োকমে চহৰটো পুনৰ দখল কৰে। যদিও সেনাই ইয়াংগুন আৰু নেপিদ’ৰ দৰে ডাঙৰ চহৰসমূহত নিয়ন্ত্ৰণ ৰাখিছে।
এই সময়ছোৱাত চীনে সেনাক সামৰিক সহায় আৰু ৰাজনৈতিক চাপ দি সমৰ্থন জনাইছে, যাতে তেওঁলোকৰ পাইপলাইন আৰু ৰেয়াৰ আৰ্থ খননকেন্দ্ৰসমূহ নিৰাপদ থাকে। ইয়াৰ ফলত বিদ্ৰোহীশক্তিক এক বিপৰ্যয় বুজিবলৈ দিছে।
সেনাই বহু আকাশী আক্ৰমণত সহানুভূতিহীনভাৱে সাধাৰণ নাগৰিকক লক্ষ্য কৰিছে—
- ছেপ্টেম্বৰ ২০২৫ : ৰাখাইন ষ্টেটৰ এখন বিদ্যালয়ত আক্ৰমণ— ২২জন ছাত্ৰ নিহত।
- অক্টোবৰ ২০২৫ : চাউং-ইউ অঞ্চলৰ বৌদ্ধ উৎসৱত আক্ৰমণ— ৩২-৪০জন নিহত।
- কায়াহ ষ্টেট : দীঘলীয়া সময়ৰ সংঘাত, বৰ্তমানো সেনা–বিদ্ৰোহীৰ তীব্ৰ সংঘাত।
- ২৯ অক্টোবৰ ২০২৪: হাস্পতাল আৰু গাঁৱত আক্ৰমণ— ৮০জন নাগৰিক নিহত।
বিশ্ব শক্তিসমূহেও ম্যানমাৰৰ গৃহযুদ্ধত জ্বলা জুইত ঘিউ ঢালিছে। সকলোৰে লক্ষ্য দেশখনত থকা মূল্যৱান খনিজ সম্পদৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰা। ম্যানমাৰৰ উত্তৰে আছে বিশ্বৰ তৃতীয় বৃহত্তম রেয়াৰ আৰ্থ ডিপজিট, য’ত ডিস্প্ৰ’ছিয়াম নামৰ অত্যন্ত মূল্যৱান খনিজ আছে।
ডিজিটেল ডেস্ক, ১১ ডিচেম্বৰ