অগপ নেতা অশোক কুমাৰ ৰায় প্ৰধানীৰ পদত্যাগ, ৰাজনৈতিক মহলত চৰ্চা
বিগত ২৩ জুলাইৰ দিনা ধুবুৰীৰ গোলকগঞ্জত আঞ্চলিক পঞ্চায়ত গঠন কৰাক কেন্দ্ৰ কৰি শাসকীয় মিত্ৰজোঁটবিজেপি আৰু অগপৰ মাজত এক সংঘাতৰ সৃষ্টি হৈছিল
ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ অসম গণ পৰিষদৰ (অগপ)ৰ সভাপতি অশোক কুমাৰ ৰায় প্ৰধানীয়ে আজি দলটোৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি অতুল বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।
ৰায় প্ৰধানীৰ সেই চমু পদত্যাগ পত্ৰখনত পদত্যাগ কৰাৰ কাৰণ উল্লেখ কৰা নাই যদিও অগপৰ গোলকগঞ্জৰ সভাপতিৰ দায়িত্বকে ধৰি সকলো পদৰ উপৰিও দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰা বুলি উল্লেখ আছে।
ইয়াতে, উল্লেখ্য যে, বিগত ২৩ জুলাইৰ দিনা ধুবুৰীৰ গোলকগঞ্জত আঞ্চলিক পঞ্চায়ত গঠন কৰাক কেন্দ্ৰ কৰি শাসকীয় মিত্ৰজোঁটবিজেপি আৰু অগপৰ মাজত এক সংঘাতৰ সৃষ্টি হৈছিল। আনকি, সিদিনা তেখেতক নাপাই একাংশ বিজেপি কৰ্মীয়ে নিজৰ পুত্ৰক প্ৰহাৰ কৰাৰ অভিযোগো উত্থাপিত কৰিছিল অশোক কুমাৰ ৰায় প্ৰধানীয়ে।
অৱশ্যে, অগপৰ শীৰ্ষ নেতৃত্বৰ হস্তক্ষেপত সিদিনাৰ সেই অপ্রীতিকৰ ঘটনাৰ পিছত অগপৰ একাংশ স্থানীয় নেতা-কৰ্মীৰ মাজত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ শাম কাটিছিল। কিন্তু তৎস্বত্বেও, আগন্তুক ২৬ৰ বিধানসভা নিৰ্বাচনৰ আগে আগে ৰায় প্ৰধানীৰ এই আকষ্মিক পদত্যাগৰ ঘটনা কিন্তু তাৎপর্যপূর্ণ বুলিয়েই বিবেচিত হৈছে স্থানীয় ৰাজনৈতিক মহলত।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ১১ ডিচেম্বৰ