ঢকুৱাখনাত বিদ্যালয় সপ্তাহৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত মুগ্ধ ৰাইজ
বিশেষকৈ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জীৱন ভিত্তিক কেইবাটাও প্ৰতীকী উপস্থাপনৰ লগতে শিক্ষাৰ্থী সমাজে শিল্পীগৰাকীৰ ন্যায়ৰ দাবীও উত্থাপিত কৰিলে এই শোভাযাত্ৰাত
অসমৰ বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতিৰে পুৱাতেই বৰ্ণিল আৰু ৰঙীন হৈ পৰিল ঢকুৱাখনাৰ ৰাজপথ।ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৮৮সংখ্যক যুৱ মহোৎসৱ আৰু অভিভাৱক সমাৰোহৰ উপলক্ষে আজি চতুৰ্থ দিনা বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই সকলোকে মুগ্ধ কৰে ৷
অসমৰ বাৰেবৰণীয়া সংস্কৃতিৰ লগতে লোককৃষ্টি, পৰম্পৰা আৰু ঐতিহ্য প্ৰদৰ্শনৰে উলিওৱা এই শোভাযাত্ৰাৰ বিষয়বস্তুৱে ৰাইজক আকৰ্ষণ কৰে ৷ পুৱা ৯.৩০ বজাত এক উখল-মাখল পৰিৱেশত উৰুলি ধ্বনিৰ মাজত সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক কমল বৰগোহাঁইয়ে।
বিদ্যালয়খনৰ ১০টাৰো অধিক দলৰ ছাত্র-ছাত্ৰীয়ে সুকীয়া সুকীয়াকৈ এই শোভাযাত্ৰাত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে অংশগ্ৰহণ কৰে।প্ৰতিটো জনগোষ্ঠীৰ কৃষ্টিসমূহ প্ৰদৰ্শন কৰাৰ লগতে অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া কৃষ্টি শ্ৰীকৃষ্ণৰ ৰাসলীলা, মহাপুৰুষজনাৰ অমৰ সৃষ্টি গায়ন-বায়ন, বিয়া নাম আদি কৃষ্টিসমূহৰ প্ৰদৰ্শনে সাংস্কৃতিক শোভাযাত্ৰটোৰ বিশেষ মাত্ৰা প্ৰদান কৰে।
জনগোষ্ঠীয় কলা-সংস্কৃতিৰ সমন্বয় আৰু স্বাভিমান দাঙি ধৰাৰ লগতে প্ৰত্যেকেই প্ৰতিজনৰ লগত একাত্ম হৈ পৰা নান্দনিক দৃশ্য উপভোগ কৰি আপ্লুত হৈ পৰিল সমবেত অভিভাৱক-ৰাইজ-শিক্ষক।বিশেষকৈ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জীৱন ভিত্তিক কেইবাটাও প্ৰতীকী উপস্থাপনৰ লগতে শিক্ষাৰ্থী সমাজে শিল্পীগৰাকীৰ ন্যায়ৰ দাবীও উত্থাপিত কৰিলে এই শোভাযাত্ৰাত।
বিদ্যালয় চৌহদৰ পৰা ঢকুৱাখনা নগৰৰ মাজেৰে ঘাঁহীগাঁও হৈ বিদ্যালয়ত সামৰণি পৰা এই বিশাল বৰ্ণিল শোভাযাত্ৰাত পাঁচ শতাধিক ছাত্র-ছাত্ৰী, শিক্ষক, কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।শোভাযাত্ৰাত অংশগ্ৰহণ কৰি বিদ্যালয়ৰ অধ্যক্ষা কল্পনা গগৈয়ে কয় যে এই শোভাযাত্ৰা উপভোগ কৰি এটা কথা অনুভৱ হৈছে নতুন প্ৰজন্মই অসমৰ গৌৰৱ, অসমৰ পৰম্পৰা হেৰাই যাবলৈ নিদিয়ে । লগতে অনাগত সময়ত অসমৰ চহকী সংস্কৃতিক নৱপ্ৰজন্মই অধিক ৰূপত উজলাই তুলিব বুলি দৃঢ়বিশ্বাসী উত্তৰ অসমৰ ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ অধ্যক্ষা।উল্লেখ্য যে মঙ্গলবাৰৰ পৰা পাঁচ দিনিয়াকৈ অনুষ্ঠিত হোৱা ৮৮সংখ্যক যুৱ মহোৎসৱ আৰু অভিভাৱক সমাৰোহৰ সোমবাৰে সামৰণি পৰিব।
নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ১২ ডিচেম্বৰ