নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগপৰ পৰা সদ্য পদত্যাগী নেতা অশোক কুমাৰ ৰায় প্ৰধানীৰ কংগ্ৰেছত যোগদান

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৩ ডিচেম্বৰ : আঞ্চলিকতাবাদ এৰি ৰাষ্ট্ৰীয়তাবাদীৰ বসন পিন্ধিলে অগপৰ পৰা সদ্য পদত্যাগী ধুবুৰীৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ সভাপতিৰ দায়িত্বত থকা অশোক কুমাৰ ৰায় প্ৰধানীয়ে।

জানিব পৰা মতে, কালি এআইচিচিৰ দিল্লীস্থ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান কৰে তেওঁ। উল্লেখ্য যে বিগত ১১ ডিচেম্বৰৰ দিনা ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ অসম গণ পৰিষদৰৰ সভাপতি অশোক কুমাৰ ৰায় প্ৰধানীয়ে দলটোৰ কেন্দ্ৰীয় কমিটীৰ সভাপতি অতুল বৰালৈ অকস্মাৎ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল। ৰায় প্ৰধানীৰ সেই চমু পদত্যাগ পত্ৰখনত পদত্যাগ কৰাৰ কাৰণ উল্লেখ নাছিল যদিও অগপৰ গোলকগঞ্জৰ সভাপতিৰ দায়িত্বকে ধৰি সকলো পদৰ উপৰি দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰা বুলি উল্লেখ আছিল।

সেই পদত্যাগ পত্ৰ প্ৰেৰণৰ পিছদিনাই অশোক ৰায় প্ৰধানীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰাৰ ঘটনা কিন্তু তাৎপর্যপূর্ণ বুলিয়েই বিবেচিত হৈছে। সমান্তৰালকৈ ৰাজ্যৰ ২৬ৰ বিধানসভা নিৰ্বাচনত গোলকগঞ্জ বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচৰাটো নিশ্চিত বুলিয়েই স্থানীয় ৰাজনৈতিক শিবিৰবোৰত চৰ্চা হ’বলৈ লৈছে।

You might also like