নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্ডিগ’ সংকট : ৪ ফ্লাইট ইন্সপেক্টৰক বর্খাস্ত ডিজিচিএৰ

নিউজ ডেস্ক, ১৩ ডিচেম্বৰ : শেহতীয়াকৈ ইণ্ডিগ’ বিমান পৰিবহণ সংস্থাৰ পৰিবহণ সেৱাৰ বিপর্যয় সন্দর্ভত চাৰিগৰাকী ফ্লাইট অপাৰেচন ইন্সপেক্টৰক বর্খাস্ত কৰিলে দেশৰ বিমান চলাচল নিয়ন্ত্রক কর্তৃপক্ষ ডিজিচিএ–ই৷

উল্লেখযোগ্য যে বিভিন্ন বিমান সংস্থাৰ যাত্রী সেৱাৰ ক্ষেত্রত কোনো গাফিলতি হৈছে নেকি, সেয়া প্রদানৰ ক্ষেত্রত সমস্ত সামগ্রী বিমান সংস্থাৰ ওচৰত আছে নে নাই এই সকলো বিষয় চোৱাচিতা কৰাৰ বাবেই ডিজিচিএ–ই ফ্লাইট অপাৰেচন ইন্সপেক্টৰ নিয়োগ কৰে৷ সম্প্রতি যি চাৰিজন ইন্সপেক্টৰক বর্খাস্ত কৰা হৈছে তেওঁলোকৰ দায়িত্ব আছিল ইণ্ডিগ’ৰ কাম–কাজৰ ওপৰত নজৰ ৰখা৷ এইক্ষেত্রত তেওঁলোক ব্যর্থ হৈছে বুলি ডিজিচিএ–ৰ সূত্রই প্রকাশ কৰিছে৷

ইণ্ডিগ’ৰ বিপর্যয়ৰ পিছত কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ মন্ত্রী ৰামমোহন নাইডুৱে ডিজিচিএৰ ভূমিকা সন্দর্ভত প্রশ্ণ উত্থাপন কৰিছে৷ চাৰিগৰাকী ইন্সপেক্টৰক বর্খাস্ত কৰি মন্ত্রীগৰাকীয়ে তোলা অভিযোগৰ মোখনি মাৰিলে নেকি বুলি বিভিন্ন মহলত চর্চা আৰম্ভ হৈছে৷ ইণ্ডিগ’ৰ বিমান বিপর্যয়ৰ ফলত এসপ্তাহৰো অধিক সময় ধৰি দুর্ভোগ ভুগিবলগীয়া হয় অগণন বিমান যাত্রীয়ে৷ এই পৰিস্থিতিত ইণ্ডিগ’ৰ কাম–কাজৰ ওপৰত নিৰীক্ষণ চলোৱাৰ সিদ্ধান্ত লৈছে ডিজিচিএ–ই৷

ইতিমধ্যে বিমান পৰিবহণ সংস্থাটোৰ সদৰ কার্যালয়ত স্থিতি লৈছে ডিজিচিএৰ বিষয়াসকলে৷ এই বিষয়াসকলে ইণ্ডিগ’ৰ কর্মীসকলৰ ডিউটী–ৰ’ষ্টাৰৰ লগতে সংস্থাটোৰ বিমান পৰিবহণৰ বিভিন্ন দিশ চালিজাৰি চাই এই সন্দর্ভত দৈনিক প্রতিবেদন প্রেৰণ কৰিবলৈও কোৱা হৈছে বুলি সূত্রত প্রকাশ পাইছে৷

You might also like