নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঠিকাদাৰৰ অমনোযোগিতাত বিধ্বস্ত আমগুৰি চাহ বাগিচাৰ এটা পথ… 

নিয়মীয়া বাৰ্তা, গেলেকী, ১৩ ডিচেম্বৰ : নাজিৰা বিধানসভা সমষ্টিৰ অন্তর্গত আমগুৰি চাহ বাগিচাৰ তল লাইনৰ জৰাজীৰ্ণ পথটোৱে জনগণৰ যাতায়াতৰ ক্ষেত্রত যমৰ যাতনা ভোগাই আহিছে। এই জৰাজীৰ্ণ পথটো নিৰ্মাণৰ দাবীত বহু সময়ত অৱৰোধৰ দৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ পিছতো কৰ্তৃপক্ষই কোনো গুৰুত্ব আৰোপ কৰা নাই । যাৰ বাবে পথটো বিজ্ঞানসন্মতভাৱে নিৰ্মাণৰ দাবীত সৰৱ হৈ পৰিছে সচেতন ৰাইজ।

আমগুৰি চাহ বাগিচাৰ তল লাইনত কিছুদিনৰ পূৰ্বে এটা ব্লক ইটাৰ পথ নিৰ্মাণ কৰাৰ পিছতো পথটোৱে সম্প্ৰতি জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে। ঠিকাদাৰৰ অমনোযোগিতা আৰু লোকনিৰ্মাণ বিভাগৰ অভিযন্তাৰ চৰম হেমাহিৰ ফলতেই নিৰ্মাণ কৰা পথটো কম সময়ৰ ভিতৰতে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

পথ নিৰ্মাণৰ সময়ছোৱাত জনপ্ৰতিনিধি অথবা পঞ্চায়ত কৰ্মীসকলে তীক্ষ্ণ নজৰ ৰখাহেঁতেন  এইদৰে জহি-খহি নগ’লহেঁতেন বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। শাসনাধিষ্ঠিত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক উক্ত পথটো মেৰামতি কৰি চাহ বাগিচাৰ ৰাইজৰ যাতায়াত সুচল কৰি তুলিবলৈ সচেতন নাগৰিকে দাবী জনাইছে।

You might also like