নিয়মীয়া বাৰ্তা, হাজো, ১৩ ডিচেম্বৰ : ভাৰতীয় দলিত সাহিত্য অকাডেমিয়ে বিভিন্ন সময়ত সমাজৰ বাবে কাম কৰি অহা বিশিষ্ট ব্যক্তিলৈ ড০ বি আৰ আম্বেদকাৰ বঁটা প্ৰদান কৰি আহিছে। এইবেলি ২০২৫ বৰ্ষৰ এই বঁটাৰ বাবে নিৰ্বাচিত হয় হাজোৰ সু-সন্তান বিশিষ্ট চিকিৎসক তথা গেট হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ বেদব্ৰত পাঠক।
নতুন দিল্লীৰ পঞ্চশীল আশ্রমত অনুষ্ঠিত একাডেমীৰ ৰাষ্ট্ৰীয় সন্মিলনত এই বঁটা ডাঃ বেদব্ৰত পাঠকক প্ৰদান কৰা হয়। তেওঁ নিৰৱচ্ছিন্নভাৱে বিভিন্ন সময়ত সমাজৰ গৰিব লোকসকললৈ আগবঢ়োৱা চিকিৎসা সেৱাৰ লগতে ৰাইজক সেৱা আগবঢ়াই আহিছে।
ডাঃ বেদব্ৰত পাঠকে ভাৰতীয় দলিত সাহিত্য অকাডেমিয়ে আগবঢ়োৱা বঁটা গ্ৰহণ কৰি কয়- এই সন্মানে মোক সামাজিক কাম কৰি যোৱাত আৰু বেছি উৎসাহিত কৰিব। তেওঁ দলিত সাহিত্য অকাডেমিয়ে এই বঁটা প্ৰদান কৰাত উদ্যোক্তাসকলক আন্তৰিক কৃতজ্ঞতা জনায়।
ইফালে, চিকিৎসক ডাঃ বেদব্ৰত পাঠকে বঁটা গ্ৰহণ কৰাৰ পিছত হাজো-শুৱালকুছি বিধানসভা সমষ্টিৰ বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰি আগত বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হ’বলৈ পৰামৰ্শ আগবঢ়ায়।