নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু : চার্জশ্বীটৰ প্রতিলিপি বিচাৰি তিনি শতাধিকৰ আবেদন

ডিজিটেল ডেস্ক, ১৪ ডিচেম্বৰ : অগণিত অনুৰাগীৰ অধীৰ অপেক্ষাৰ অন্তত পৰহি এছআইটিয়ে আদালতত জুবিন হত্যাকাণ্ডৰ বহুচর্চিত অভিযোগনামা দাখিল কৰাৰ ২৫ ঘণ্টা পাৰ নৌহওঁতেই তিনি শতাধিক লোকে অভিযোগনামাৰ প্রত্যায়িত প্রতিলিপি বিচাৰি আদালতত দাখিল কৰিছে আবেদন৷ ৰাজনৈতিক–অৰাজনৈতিক সংগঠনৰ পৰা আৰম্ভ কৰি ব্যক্তিবিশেষলৈ বিভিন্ন পক্ষই শীঘ্রেই আদালতৰ পৰা প্রত্যায়িত প্রতিলিপি বিচাৰি আবেদন জনোৱা কার্যই প্রকৃতার্থত প্রতিপন্ন কৰিছে প্রিয় শিল্পীক লৈ অসমৰ ৰাইজ কিমান সচেতন৷

এছআইটিৰ অভিযোগনামাৰ প্রত্যায়িত প্রতিলিপি বিচাৰি আদালতত আবেদন জনোৱা আছাম পাব্লিক ৱর্কছৰ সভাপতি অভিজিৎ শর্মাই কয় যে প্রিয় শিল্পীৰ মৃত্যু সন্দর্ভত হাইক’ৰ্টত আমি ৪৬/২০২৫ নম্বৰৰ এখন পিআইএল তৰিছোঁ৷ অহা ১৭ ডিচেম্বৰত দ্বিতীয়টো শুনানি আছে৷ সমগ্র হত্যাকাণ্ডটোৰ আমি চিবিআই তদন্ত বিচাৰিছোঁ৷ সেইবাবেই অভিযোগনামাৰ প্রত্যায়িত প্রতিলিপি বিচাৰি আবেদন কৰিছোঁ৷ আশা কৰিছোঁ- সোনকালেই আমি সেইখন পাবলৈ সক্ষম হ’ম৷

এপিডব্লিউৰ সাধাৰণ সম্পাদক ধ্রুৱজ্যোতি তালুকদাৰে কয় যে অভিযোগনামাখনৰ প্রতিলিপি লাভ কৰাৰ পাছতে আমি সেইখন পুংখানুপুংখভাৱে অধ্যয়ন কৰিম৷ প্রাণৰ শিল্পীৰ ন্যায়ৰ বাবে যিমানখিনি সম্ভৱ সকলোখিনিয়ে এপিডব্লিউৱে কৰিব৷

উল্লেখ্য যে শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তৰ কুটিল ষড়যন্ত্রত অকালতে মৃত্যুক সাবটিবলগীয়া হৈছিল অসমীয়াৰ আৱেগ জুবিন গার্গে৷ অভিযোগনামাত বিএনএছৰ ১০৩ (১)নং ধাৰা ধৃত ৪ অভিযুক্তৰ বিৰুদ্ধে ৰুজু হোৱাৰ পাছতে এই কথা স্পষ্ট হৈ পৰিছে৷ কিন্তু অগণিত অনুৰাগীয়ে জানিবলৈ উৎকণ্ঠিত হৈ আছে প্রকৃততে ১৯ ছেপ্টেম্বৰৰ দিনা য়াট পার্টীত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল? সেয়ে বহু লোকে প্রত্যায়িত প্রতিলিপি বিচাৰি আদালতত আবেদন জনাইছে৷

You might also like