ডিজিটেল ডেস্ক, ১৪ ডিচেম্বৰ : প্রাণৰ শিল্পী জুবিন গার্গৰ মৃত্যুৰ তদন্ত সম্পন্ন কৰি এছআইটিয়ে দাখিল কৰা অভিযোগনামাত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য৷ বহুপ্রতীক্ষিত অভিযোগনামাত জুবিন হত্যাকাণ্ডৰ মূল অভিযুক্ত সিদ্ধার্থ শর্মা, শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে আৰোপ কৰা হৈছে বিএনএছৰ ১০৩ ধাৰা৷ জুবিন গার্গক হত্যাৰ অভিযোগ আৰোপ কৰা হৈছে এই তিনিজনৰ ওপৰতে৷ কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত পৰহি এছআইটিয়ে দাখিল কৰা অভিযোগনামাত এই তিনিজন অভিযুক্তৰ বিৰুদ্ধে সন্নিৱিষ্ট কৰিছে একাধিক বিস্ফোৰক তথ্য৷
অভিযোগনামাত উল্লেখ কৰা অনুসৰি, দীর্ঘদিনৰ পৰাই জুবিন গার্গৰ হত্যাৰ ব্লু–প্রিণ্ট ৰচনা কৰিছিল এইকেইজনে৷ মুখ্যতঃ জুবিন গার্গৰ সৈতে হোৱা আর্থিক লেনদেন আৰু পৰৱর্তী সময়ত জুবিন গার্গক ধন আদায় দিবলৈ বাকী থকাৰ কথা উল্লেখ কৰিছে অভিযোগনামাত৷ জুবিন গার্গে সংগীতানুষ্ঠান কৰি লাভ কৰা ধনৰ সিংহভাগ আত্মসাৎ কৰিছিল সিদ্ধার্থ শর্মাই৷ পিছত জুবিন গার্গে সিদ্ধার্থ শর্মাৰ পৰা এই ধনৰ হিচাপ বিচৰাত মনোমালিন্য হৈছিল দুয়োৰে মাজত৷ ইয়াৰ পিছৰ পৰাই জুবিন গার্গৰ বিৰুদ্ধে আৰম্ভ হৈছিল ষড়যন্ত্র৷ একেদৰে শ্যামকানু মহন্তৰ সৈতে প্রত্যক্ষ সংঘাত হোৱা নাছিল যদিও জুবিন গার্গে বহু সময়ত শ্যামকানু মহন্তক ধেমালিৰ ছলেৰে অপমান কৰাক লৈ অসন্তুষ্ট হৈ আছিল শ্যামকানু মহন্ত৷
এছআইটিয়ে দাখিল কৰা অভিযোগনামাত ছিংগাপুৰত সংঘটিত ঘটনা সন্দর্ভত এক ডিজিটেল নক্সাও সন্নিৱিষ্ট কৰিছে৷ যোৱা সময়ছোৱাত ছিংগাপুৰত সংঘটিত ঘটনাৰ পাছত তদন্তকাৰী দলে ঘটনাস্থলীলৈ নোযোৱাকৈ তদন্ত কৰাৰ অভিযোগ উত্থাপন কৰিছিল বহুজনে৷ এই অভিযোগৰ বিপৰীতে এছআইটিৰ মুৰব্বী মুন্নাপ্রসাদ গুপ্তাৰ নেতৃত্বত যোৱা দুজনীয়া দলে ছিংগাপুৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰি ঘটনাস্থলীৰ নক্সা তথা বিভিন্ন ব্যক্তিৰ জবানবন্দী সংগ্রহ কৰিছিল৷ এই বিষয়বোৰ অভিযোগনামাত উল্লেখ কৰাৰ লগতে ঘটনাৰ এক ডিজিটেল নক্সা গাঁঠি দিছে অভিযোগনামাত৷
অভিযোগনামাত জুবিনক হত্যা কৰিবলৈ দীঘলীয়া পৰিকল্পনা সিদ্ধার্থ আৰু শ্যামকানুহঁতে ৰচনা কৰাৰ কথাও স্পষ্টকৈ উল্লেখ কৰিছে৷ সুৰামত্ত অৱস্থাত জুবিনক জাহাজলৈ লৈ যোৱা হৈছিল৷ য়াটৰ কেপ্টেইনৰ বাধা সত্ত্বেও জুবিনক লাইফ জেকেট খুলি সাগৰত সাঁতুৰিবলৈ যাওঁতে বাধা দিয়া নাছিল সিদ্ধার্থ, শেখৰ অথবা সন্দীপনে৷ এই ঘটনাৰ ছবি ইতিমধ্যে ভাইৰেল হোৱা ভিডিঅ’ত স্পষ্ট হৈছিল৷ জুবিনে সাঁতুৰি ভাগৰি যোৱাৰ সময়ত য়াটত থকা এজন প্রবাসী অসমীয়াই জুবিন গার্গে পানীত সাঁতুৰি আগুৱাই যোৱা দেখি চিঞৰি উঠিছিল আৰু জুবিনৰ ওচৰলৈ কোনোবা যাব লাগে বুলি পানীত থকা কেইবাজনকো আহ্বান জনাইছিল৷ কিন্তু সেই মুহূর্তত সিদ্ধার্থই নাৱৰ পৰা হাত জোকাৰি জুবিনৰ ওচৰলৈ কোনো যোৱাৰ প্রয়োজন নাই বুলি বাধা দিছিল পানীত থকা আন লোকসকলক৷ সুৰামত্ত অৱস্থাত থকা জুবিন তেনেদৰে ভাগৰি পৰি থমকি ৰৈছিল আৰু শ্বাস–প্রশ্বাস লোৱাত কষ্ট পাই মৃত্যু ঘটিছিল৷
চার্জশ্বীটত উল্লেখ কৰা অনুসৰি, ছিংগাপুৰত সংঘটিত ঘটনাৰ সময়ত য়াটখনত প্রায় ১১জন ছিংগাপুৰৰ প্রবাসী অসমীয়া আছিল৷ এছআইটিয়ে তেওঁলোকৰ জবানবন্দী গ্রহণ কৰাৰ পিছত স্পষ্ট হৈছিল যে সেই প্রবাসী লোককেইজনৰ জুবিনক হত্যা কৰাৰ কোনো অভিপ্রায় নাছিল৷ জুবিনৰ লগত নাছিল তেওঁলোকৰ কোনো শত্রুতা৷ আনকি জুবিনৰ মৃত্যুত তেওঁলোক লাভান্বিত হোৱা নাছিল, লাভান্বিত হৈছিল সিদ্ধার্থ আৰু শ্যামকানু৷ বিভিন্নজনৰ সাক্ষ্যৰ ভিত্তিত স্পষ্ট হৈছিল যে জুবিনৰ ব্যৱহাৰত অসন্তুষ্ট হৈছিল শ্যামকানু৷ সেয়ে সিদ্ধার্থৰ লগ লাগি জুবিনক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল শ্যামকানুৱে৷ ইয়াৰ বাবে ব্যৱহাৰ কৰা হৈছিল শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তক৷ ছিংগাপুৰত জুবিনক হোটেলত আছুতীয়া কোঠা দিয়া হোৱা নাছিল৷ জুবিনৰ সৈতে একেটা কোঠাতে থাকিবলৈ দিয়া হৈছিল অমৃতপ্রভাক আৰু শ্যামকানু–সিদ্ধার্থৰ নির্দেশতে অমৃতপ্রভাই সেই নিশা জুবিনক যোগান ধৰিছিল সুৰা৷ আনকি শ্যামকানুৱে নিশা জুবিনৰ কোঠালৈ লৈ গৈছিল এটা বিশেষ সুৰাৰ বটল৷ যি সুৰা ছিংগাপুৰত পোৱা নাযায়৷ অমৃতপ্রভাক নির্দেশ দিয়া হৈছিল যাতে জুবিনক অত্যধিক সুৰাপান কৰোৱা হয়৷ যাৰ বাবে মৃত্যুৰ পিছত জুবিনৰ শৰীৰত সুৰাৰ পৰিমাণ অত্যধিক পোৱা গৈছিল৷
উল্লেখ্য যে ১২ হাজাৰ পৃষ্ঠাতকৈ অধিক এই অভিযোগনামাখনৰ বহু তথ্য এতিয়াও পোহৰলৈ অহা নাই৷ পাতে পাতে থকা বিস্ফোৰক তথ্যসমূহ অভিযোগনামাখন বিস্তৃতভাৱে বিশ্লেষণৰ পাছতহে পোহৰলৈ আহিব৷ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতৰ লোক–অধিবক্তা প্রদীপ কোঁৱৰে সংবাদ মাধ্যমত প্রকাশ কৰা অনুসৰি পৰহি দাখিল কৰা অভিযোগনামাখন তেওঁ ওপৰে ওপৰে পর্যবেক্ষণ কৰিছিল৷ তাৰ পৰাই স্পষ্ট হৈছিল যে অনুষ্ঠানৰ ধন বিচৰাৰ বাবেই জুবিন গার্গৰ সৈতে মনোমালিন্য হৈছিল সিদ্ধার্থ শর্মাৰ৷ তাৰ পিছৰে পৰা সংঘাত আৰম্ভ হৈছিল৷ দৰাচলতে জুবিন গার্গক হত্যা কৰাৰ দীর্ঘসময়ৰ পৰাই ব্লু–প্রিণ্ট ৰচনা কৰা হৈছিল৷ এক বৃহৎ ষড়যন্ত্র যে ৰচনা হৈছিল সেয়া অভিযোগনামাত স্পষ্ট হৈছে৷ এছআইটিয়ে দাখিল কৰা অভিযোগনামা নিখুঁত বুলি উল্লেখ কৰি লোক–অধিবক্তাজনে কয়– ৯০ দিনৰ পূর্বে এছআইটিয়ে এনেদৰে নিখুঁত অভিযোগনামা দাখিল কৰাটো যথেষ্ট গুৰুত্বপূর্ণ বিষয়৷ যথেষ্ট পৰিশ্রমৰ পাছত দাখিল কৰা এই অভিযোগনামাত সন্নিৱিষ্ট কৰা হৈছে একাধিক তথ্য৷ অভিযুক্তক দোষী সাব্যস্ত কৰাৰ বাবে এই তথ্য যথেষ্ট৷
আনহাতে, লোক–অধিবক্তা প্রদীপ কোঁৱৰে ইয়াকো স্পষ্ট কৰে যে এই গোচৰটোৰ প্রক্রিয়া ফাষ্টট্রেক আদালতত নচলিলে কেইবাবছৰ সময়ৰ প্রয়োজন হ’ব ন্যায় পাবলৈ৷ কিয়নো ৩৯৫জন সাক্ষীৰ পৰীক্ষাৰ বাবে প্রয়োজন হ’ব যথেষ্ট সময়ৰ৷ চৰকাৰে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ জৰিয়তে ফাষ্টট্রেক আদালত স্থাপন কৰিলে বিচাৰ প্রক্রিয়া খৰতকীয়া হ’ব৷ ২০০৮ চনৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ক্ষেত্রতো বিচাৰ প্রক্রিয়া ফাষ্টট্রেক আদালতত চলাৰ বাবে ১১ মাহতে শুনানি সম্পূর্ণ কৰিব পৰা গৈছিল৷
ইফালে, অভিযুক্তৰ হৈ ওকালতি কৰিবলৈ আদালতে কোনো অধিবক্তাক নিয়োগ কৰিব পাৰে বুলিও উল্লেখ কৰি প্রদীপ কোঁৱৰে কয় যে অভিযুক্তৰ ফালৰ পৰা যদি বহিঃৰাজ্যৰ পৰা অধিবক্তা আমদানি কৰে, তেন্তে তেনে অধিবক্তা ভাষাৰ সমস্যাৰ সন্মুখীন হ’ব৷ কিয়নো এছআইটিৰ ওচৰত সাক্ষ্যদান কৰা ৯৯ শতাংশই অসমীয়াত ভাষ্যদান কৰিছে৷ এনে অৱস্থাত অভিযোগনামাত ভাষ্যসমূহ বাহিৰৰ অধিবক্তাই পৰীক্ষা কৰিবলৈ ভাষাৰ সমস্যাত পৰিব৷ তাৰ বাবে স্থানীয় অধিবক্তাৰ সহায় ল’বই লাগিব৷ সেয়েহে বাহিৰৰ অধিবক্তাই এই গোচৰৰ ক্ষেত্রত অভিযুক্তক কিধৰণে আইনী সহায় কৰিব সেয়াও বিচার্যৰ বিষয়৷