নিয়মীয়া বাৰ্তা, জোনাই, ১৪ ডিচেম্বৰ : চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত দিপাস্থিত ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ট্ৰেক্টৰ আৰু চাৰিচকীয়া বাহনৰ সংঘৰ্ষৰ ফলত ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়।
উক্ত পথ দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন যুৱক ৷ নিহত যুৱক দুজন জোনাইৰ ডেকাপাম মিগাং গাঁও তথা TMPK ডেকাপাম আঞ্চলিক সমিতিৰ সম্পাদক অচিন পেগু আৰু ক্ৰীড়া সম্পাদক সুশীল দলে। জানিব পৰা মতে, শনিবাৰে নিশা প্ৰায় ৯.৩০ বজাত ডেকাপাম মিগাং গাঁৱৰ অচিন পেগু, সুশীল দলেৰ লগতে আন তিনিজন সতীৰ্থই AS-22J-1585 নম্বৰৰ এখন ছুইফট বাহনেৰে ডিমৌৰ পৰা আহি আছিল ডেকাপামলৈ৷
এনে সময়তে দিপাস্থিত ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এখন ট্ৰেক্টৰৰ পিছফালে খুন্দা মাৰি সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় অচিন পেগু আৰু সুশীল দলে নামৰ যুৱক দুজন৷ বাহনখনত থকা তুষাৰ পেগু, দীপাংকৰ টায়ুং আৰু গম্ভীৰ কুলি নামৰ আন তিনিজন যুৱকক সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়।
নিহত অচিন পেগু TMPK ডেকাপাম আঞ্চলিক সমিতিৰ সম্পাদক আৰু সুশীল দলে ক্ৰীড়া সম্পাদক আছিল৷ দুই যুৱকে এনে কৰুণ মৃত্যুক সাবটি লোৱা ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ জোনাই অঞ্চলত৷ যুৱক দুজনৰ মৃত্যুত মিচিং জাতীয় সংগঠন TMPK, MMK, TMMK-এই আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনায় ৷