বাৰ্তা ব্যুৰ’, গোৱালপাৰা, ১৪ ডিচেম্বৰ : গোৱালপাৰা জিলা সাহিত্য সভাৰ উদ্যোগত, সাহিত্যৰথী শাখা সাহিত্য সভা, হেলাপাখৰীৰ সহযোগত আৰু বলদমাৰী চৰ হাইস্কুলৰ আতিথ্যত উলহ-মালহেৰে সাহিত্যিক এম ইলিম উদ্দিন দেৱান সোঁৱৰণী দিৱস উদযাপন কৰা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি সাহিত্যৰথী শাখা সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন আৰু শাখাৰ আজীৱন সভ্য সন্মিলন অনুষ্ঠিত হয়।
অসম সাহিত্য সভাৰ গোৱালপাৰা জিলা সমিতি আৰু সভাৰ চৰ-চাপৰি ভাষা-সংস্কৃতি বিকাশ উপ-সমিতিৰ যুটীয়া উদ্যোগত এইবেলি সাহিত্যিক এম ইলিম উদ্দিন দেৱান সোঁৱৰণী বঁটা প্ৰদান কৰা হয় গৱেষক-সাহিত্যিক ড° অহিজুদ্দিন শ্বেখলৈ।
দিনজোৰা কাৰ্যসূচীৰ আৰম্ভণিতে সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখাৰ সভাপতি আবু শ্বামাই। গছপুলি ৰোপণ কৰে জিলা সাহিত্য সভাৰ সভাপতি জয় চন্দ্ৰ নাথ, শাখাৰ সম্পাদক ফজৰ আলী, প্ৰধান শিক্ষয়িত্ৰী মনোৱাৰা বেগম, আয়োজক সমিতিৰ সভাপতি ফুলৰ উদ্দিন, অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল মালেকে। এম ইলিম উদ্দিন দেৱানৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে কেৰামত আলী শ্বেখে। বন্তি প্ৰজ্জ্বলন কৰে ইউছুফ আলীয়ে।
কবি সন্মিলন সঞ্চালনা কৰে কবি ছজিমুদ্দিন আহমেদে। অধ্যাপক শ্বৰিফুল ইছলাম, ড0 নজৰুল ইছলাম, শ্বাহানুৰ ইছলাম, জগবন্ধু কলিতা, দীপক শৰ্মা মেধি, ৱাহিদৰ ৰহমান, ড0 দিলুৱাৰা বেগম, চৈয়দা নুৰুন নাহাৰ বেগম, আবু শ্বামা, ফজৰ আলী, আব্দুল বাৰিক, জাহানুৰ ৰহমান, নুৰেজা খাতুন, জুনাইদ হাচান, ডাঃ ফাৰুখ আখতাৰ, ছজিমুদ্দিন আহমেদ, জেচমিন চুলতানা, মিনু হাজৰিকা, যমুনা ডেকাকে ধৰি প্ৰায় ডেৰ কুৰি কবিয়ে কবিতা পাঠ কৰে।
আজীৱন সভ্য সন্মিলন সঞ্চালনা কৰে কেৰামত আলী শ্বেখে। মুকলি সভাত বক্তব্য প্ৰদান কৰে চৰ-চাপৰি উপ-সমিতিৰ উপ-সভাপতি ডাঃ শ্বহীদুল ইছলাম, আহ্বায়ক ডাঃ আব্দুল কুদ্দুছ শিকদাৰ, অসম সাহিত্য সভাৰ বিষয়ববীয়া জিতুমণি দাস, সমাজকৰ্মী আনোৱাৰ হুছেইন, মহম্মদ আলী আদিয়ে। সভা উদ্বোধন কৰে জিলা সভাৰ প্ৰাক্তন সভাপতি বাণীকান্ত ৰাভাই। আবু শ্বামাই সম্পাদনা কৰি উলিওৱা “সম্প্ৰীতি” উন্মোচন কৰে জয় চন্দ্ৰ নাথে।
জিলা সাহিত্য সভাৰ সম্পাদক শিৱপ্ৰসাদ ৰাভা হাদুৱে আঁত ধৰা মুকলি সভাৰ আৰম্ভণিতে বলদমাৰী চৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা জিলা সাহিত্য সভাৰ সভাপতি জয় চন্দ্ৰ নাথক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। লগতে শাখা সাহিত্য সভাৰ ফালৰ পৰা জ্যেষ্ঠ সমাজকৰ্মী, শিক্ষক ক্ৰমে আব্দুল হক, মিনহাজ উদ্দিন আহমেদ, আবু ছায়েদ, জুৰান আলী মণ্ডল, অধ্যাপক গোবিন্দ চন্দ্ৰ দাসক সম্বৰ্ধনা জনোৱা হয়।
সভাত বলদমাৰী চৰ উচ্চ মাধ্যমিক বিদ্যালয়, বালাৰভিঠাপাৰা প্ৰাথমিক বিদ্যালয়, পি এম শ্ৰী ভাটিপাৰা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে নৃত্য-গীত, কবিতা পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে।