দুৰ্দান্ত শতৰান কৰি বিশ্বকাপৰ পূর্বে নির্বাচকক বার্তা যশস্বীৰ
তেওঁৰ বাবে প্রত্যুত্তৰ দিয়াৰ মঞ্চ চৈয়দ মুস্তাক আলী ট্রফী৷ এই ঘৰুৱা প্রতিযোগিতাৰ দ্বিতীয়খন মেচতে বিধ্বংসী শতৰান কৰিলে এইগৰাকী বাঁওহতীয়া বেটাৰে
টীম ইণ্ডিয়াৰ টি–২০ দলত নাই তেওঁ৷ সেইবাবে ক্রিকেটৰ সংক্ষিপ্ত সংস্কৰণত দললৈ উভতি আহিবৰ বাবে চেষ্টাৰ ত্রুটি কৰা নাই যশস্বী জয়ছোৱালে৷
তেওঁৰ বাবে প্রত্যুত্তৰ দিয়াৰ মঞ্চ চৈয়দ মুস্তাক আলী ট্রফী৷ এই ঘৰুৱা প্রতিযোগিতাৰ দ্বিতীয়খন মেচতে বিধ্বংসী শতৰান কৰিলে এইগৰাকী বাঁওহতীয়া বেটাৰে৷
টি–২০ বিশ্বকাপৰ পূর্বে তেওঁৰ এই শতৰানে যথেষ্ট বার্তা বহন কৰিব বুলি ধাৰণা কৰিছে ক্রিকেট মহলে৷ প্রথমখন মেচত হায়দৰাবাদৰ বিৰুদ্ধে ৯ উইকেটত পৰাস্ত হৈছিল মুম্বাই৷ কিন্তু পুনেৰ ডিৱাই পাটিল একাডেমীৰ খেলপথাৰত হাৰিয়ানাৰ বিৰুদ্ধে বিজয়ৰ পথলৈ উভতিল দলটো৷
মেচখনত ১৬টা চাৰি আৰু এটা ছিক্সাৰেৰে সজোৱা ৫০টা বলৰ ১০১ ৰানৰ বিস্ফোৰক ইনিংছ খেলে যশস্বীয়ে৷ দলৰ হৈ ছৰফৰাজ খানে ২৫টা বলত ৬৪ ৰানৰ এটা দর্শনীয় ইনিংছ খেলে৷ যশস্বী–ছৰফৰাজৰ জৰিয়তে হাৰিয়ানাই দিয়া ২৩৫ ৰানৰ লক্ষ্যত ১৫টা বল বাকী থকা অৱস্থাতে উপনীত হয় মুম্বাই৷
যশস্বীয়ে ৪৮টা বলত শতৰান কৰি মুস্তাক আলীত প্রথমটো শতৰান অর্জন কৰে৷ ইয়াৰ লগতে প্রতিযোগিতাখনৰ ইতিহাসত দ্বিতীয় সর্বাধিক ৰান অনুসৰণ কৰি অভিলেখ গঢ়ে যোৱাবাৰৰ চেম্পিয়ন দলটোৱে৷
ডিজিটেল ডেস্ক, ১৫ ডিচেম্বৰ