নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজামুদ্দিন কাণ্ডঃ অসমৰ ২ জন আৰু ১৩ বাংলাদেশীক আছুতীয়াকৈ ৰখা হৈছে মহাৰাষ্ট্ৰত

নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ ১৩ বাংলাদেশী নাগৰিক আৰু ২ জন অসমৰ লোক যিয়ে দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ সমাবেশত অংশ লৈ থানেলৈ ঘূৰি গৈছিল, তেওঁলোকক বৰ্তমান হোম কোৱাৰেণ্টাইন কৰা হৈছে । বুধবাৰে এই কথা প্ৰকাশ কৰিছে মুব্ৰাৰ ডিচিপি সুভাষ বুৰ্ছে ।

ইপিনে তেওঁলোকৰ পৰীক্ষাৰ ৰিপৰ্টসমূহ বৃহস্পতিবাৰৰ ভিতৰত উপলব্ধ হ’ব । তাৰ পাছতে সেই ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ আগলৈ ব্যৱস্থা লোৱা হ’ব বুলি আৰক্ষী বিষয়াগৰাকীয়ে মন্তব্য কৰে ।

উল্লেখ্য যে দেশৰ ৰাজধানী দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত আয়োজন কৰা ধৰ্মীয় সমাৱেশেই দেশলৈ ক’ৰোনা ভাইৰাছৰ সামাজিক সংক্ৰমণৰ ভয়াৱহতা বৃদ্ধি কৰিলে ।

ইফালে বৰ্তমানলৈকে দেশত ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১৯৩৪ জনলৈ বৃদ্ধি পাইছে ।

You might also like