সৰুপেটাৰ প্ৰাক্তন সাংবাদিক, অধ্যাপক কুমাৰ ৰাজীৱ গুৰুঙৰ বিয়োগ
ভৱানীপুৰ সমষ্টি প্ৰেছ গীল্ডৰ কেবাটাও বৰ্ষ ধৰি তেওঁ উপ সভাপতি পদতো অধিষ্ঠিত আছিল।এগৰাকী কবি আৰু লেখকৰূপে প্ৰতিষ্ঠিত কুমাৰ ৰাজীৱ গুৰুঙৰ ৰচিত 'মেৰাজ' নামৰ ইংৰাজী কাব্য গ্ৰন্থ প্ৰকাশ হোৱাৰ লগতে উক্ত কাব্য গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰি অসমীয়া ভাষাৰ কাব্য গ্ৰন্থৰূপেও প্ৰকাশ কৰিছিল
সৰুপেটাৰ বৰলীয়াপাৰা গাঁৱৰ বাসিন্দা তথা চিৰাং জিলাৰ বিজনী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক কুমাৰ ৰাজীৱ গুৰুঙ (৫৬)ৰ যোৱা নিশা প্ৰায় এক বজাত পৰলোকপ্ৰাপ্তি ঘটে।কুমাৰ ৰাজীৱ গুৰুঙে বিগত কিছুদিন ধৰি ৰোগাক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছিল আৰু কালি সন্ধিয়াৰ পৰা নিজ বাসগৃহতেই তেওঁ অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে পাঠশালাৰ মেটাৰনিটি হাস্পতাললৈ নিয়াৰ পথত মৃত্যু হয়।
কুমাৰ ৰাজীৱ গুৰুঙে ১৯৯২ চনত বিজনী মহাবিদ্যালয়ত ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপকৰূপে যোগদান কৰি মৃত্যুৰ সময়লৈকে উক্ত মহাবিদ্যালয়ত সহযোগী অধ্যাপকৰূপে কৰ্মৰত আছিল। বিগত সময়ছোৱাত কেবাটাও বৰ্ষ ধৰি বিজনীৰ পৰা ‘দ্য আছাম ট্ৰিবিউন’ আৰু ‘দৈনিক অসম’ কাকতৰ সংবাদদাতাৰূপে সাংবাদিকতা কৰিছিল কুমাৰ ৰাজীৱ গুৰুঙে।
ভৱানীপুৰ সমষ্টি প্ৰেছ গীল্ডৰ কেবাটাও বৰ্ষ ধৰি তেওঁ উপ সভাপতি পদতো অধিষ্ঠিত আছিল।এগৰাকী কবি আৰু লেখকৰূপে প্ৰতিষ্ঠিত কুমাৰ ৰাজীৱ গুৰুঙৰ ৰচিত ‘মেৰাজ’ নামৰ ইংৰাজী কাব্য গ্ৰন্থ প্ৰকাশ হোৱাৰ লগতে উক্ত কাব্য গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰি অসমীয়া ভাষাৰ কাব্য গ্ৰন্থৰূপেও প্ৰকাশ কৰিছিল।
বিজনী আৰু সৰুপেটাৰ সমাজ জীৱন,সাংস্কৃতিক ক্ষেত্ৰ,সাহিত্যৰ ক্ষেত্ৰখনতো তেওঁ জড়িত আছিল।এগৰাকী সংস্কৃতিপ্ৰেমী আৰু সাহিত্যপ্ৰেমী আছিল কুমাৰ ৰাজীৱ গুৰুং।মৃত্যুৰ সময়ত পত্নী সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° নমিতা দাস গুৰুং,একমাত্ৰ পুত্ৰৰ লগতে অগণন গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যোৱা কুমাৰ ৰাজীৱ গুৰুঙৰ মৃত্যুত বৃহত্তৰ সৰুপেটা-ভৱানীপুৰ অঞ্চল,বৃহত্তৰ বিজনী মহকুমা এলেকাত গভীৰ শোকৰ ছাঁ পৰিছে।
কুমাৰ ৰাজীৱ গুৰুঙৰ মৃত্যুত ভৱানীপুৰ সমষ্টি প্ৰেছ ক্লাৱ,অসম বাৰ্তাজীৱী সংঘৰ বাক্সা জিলা সমিতি,বিজনী মহাবিদ্যালয় শিক্ষক-কৰ্মচাৰী গোট,মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা,গভৰ্ণিং ব’ডি,সমূহ শিক্ষক-শিক্ষাৰ্থী,সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থী, ‘মঞ্চ-সৰুপেটা,বৃহত্তৰ সৰুপেটা ৰঙালী বিহু উদযাপনৰ স্থায়ী সমিতি,ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰ,অসম কৃষি সামগ্ৰী বিপণন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱা, ভৱানীপুৰ-সৰুপেটা জিলা পৰিষদ সমষ্টিৰ সদস্য অৰবিন্দ বৰ্মণ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিজন বায়নৰ লগতে বিভিন্ন সামাজিক,সাংস্কৃতিক, ৰাজনৈতিক দল-সংগঠন,আছু,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,এবছু আদি জাতীয় সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।আজি পুৱাৰে পৰা দুপৰীয়ালৈ প্ৰয়াত কুমাৰ ৰাজীৱ গুৰুঙৰ বৰলীয়াপাৰাস্থিত বাসগৃহত উপস্থিত হৈ অগণন লোকে গুৰুঙৰ শৱদেহত শেষ শ্ৰদ্ধা নিবেদন কৰে।দুপৰীয়াৰ ভাগত সৰুপেটাৰ ৰাজহুৱা শ্মশানত অগণন গুণমুগ্ধৰ উপস্থিতিত কুমাৰ ৰাজীৱ গুৰুঙৰ শেষকৃত্য সম্পন্ন কৰা হয়।