২২ ডিচেম্বৰত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহ
নৃত্যাচাৰ্য পদ্মশ্ৰী যতীন গোস্বামীক প্ৰদান কৰিব সন্মানীয় ডক্টৰেট ডিগ্ৰী
অহা ২২ ডিচেম্বৰত অনুষ্ঠিত হ’ৱ আধ্যাত্মিক চিন্তাৰ কেন্দ্ৰ স্বৰূপ সৰ্থেবাৰীৰ নসত্ৰস্থিত কৃষ্ণ গুৰু সেৱাশ্ৰমৰ তত্বাৱধানত গঢ় লৈ উঠা কৃষ্ণ গুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহ।কৃষ্ণ গুৰু সেৱাশ্ৰমৰ আধ্যাত্মিক গুৰু কৃষ্ণগুৰু প্ৰভূৰ দুৰদৰ্শী চিন্তাৰ ফচল কৃষ্ণ গুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহ উপলক্ষ্যত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা ব্যাপক আয়োজন কৰা বুলি জানিব পৰা গৈছে।
আজি বিশ্ববিদ্যালয় খনৰ সভাগৃহত অনুষ্ঠিত কৰা এক সংবাদমেলযোগে এই প্ৰথম দীক্ষান্ত সমাৰোহ সম্পৰ্কত জানিবলৈ দিয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। উল্লেখ্য যে ২০১৭ চনৰ ৩ আগষ্ট তাৰিখে প্ৰতিষ্ঠা লাভ কৰিছিল কৃষ্ণ গুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ে।
ভাৰতবৰ্ষৰ ভিতৰতে ব্যতিক্ৰম এই বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীক প্ৰকৃততে মানুহ হিচাপে গঢ় দিয়াৰ লগতে জীৱিকাৰ সলনি জীৱনৰ বাবে উপযুক্ত শিক্ষা দিয়াৰ প্ৰয়াস কৰি আধ্যাত্মিক আৰু বৃত্তিগত শিক্ষাক প্ৰাধান্য দিয়া পৰিলক্ষিত হৈছে।ছাত্ৰ ছাত্ৰীক আধ্যাত্মিক চিন্তা চেতনাৰে উদ্বুদ্ধ কৰাৰ লক্ষ্যৰে স্থাপন হোৱা কৃষ্ণ গুৰু বিশ্ববিদ্যালয়ে অতি কম সময়তে শৈক্ষিক প্ৰসাৰতা লাভ কৰাৰ লগতে বৃত্তিমুখী শিক্ষাৰ ক্ষেত্ৰত জনমুখী চিন্তাৰে ক্ষীপ্ৰতাৰে আগবাঢ়িব পাৰিছে।
প্ৰথম দীক্ষান্ত সমাৰোহ সম্পৰ্কত আজি সংবাদ মেল সম্বোধন কৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মোহন চন্দ্ৰ কলিতা আৰু পঞ্জীয়ক ড০ মুকুন্দ শৰ্মাই বিশ্ববিদ্যালয়ৰ শৈক্ষিক উত্তৰণৰ লগতে সামাজিক দায়িত্ববোধ সম্পৰ্কত মন্তব্য প্ৰকাশ কৰে।
একেদৰে এই সংবাদমেল যোগে ২২ ডিচেম্বৰত হ’ব লগীয়া প্ৰথম দীক্ষান্ত সমাৰোহৰ আয়োজন সম্পৰ্কত ব্যাখ্যা আগবঢ়াই। সংবাদমেলত বিশ্ববিদ্যালয়ৰ অনুষ্ঠান সমূহৰ উন্নয়ন নিৰ্দেশক ড০ বীৰেন চক্ৰৱৰ্তী আৰু কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ পি আৰ অ প্ৰাঞ্জল পাটোৱাৰী উপস্থিত থাকে।উল্লেখ্য যে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত স্নাতক স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে নাৰ্চিং,ফাৰ্মাচী, ফিজিঅ থেৰাপী আদি বিভিন্ন বৃত্তিমুখী শিক্ষাৰ ব্যৱস্থা আছে।
স্নাতক, স্নাতকোত্তৰ আৰু অন্যান্য বৃত্তিমূলক শিক্ষাৰ বাবে বৰ্তমান বিশ্ববিদ্যালয় খনত ৪৫ টা বিষয় সন্নিবিষ্ট হৈ আছে।অকল স্নাতকোত্তৰ পাঠ্যক্ৰমতে ১৫ টা বিষয় সন্নিবিষ্ট হৈ আছে। শৈক্ষিক উত্তৰণ আৰু গুণগত শিক্ষা প্ৰদান সম্পৰ্কত দেশী বিদেশী বিভিন্ন উন্নত শিক্ষানুষ্ঠানৰ লগত এই বিশ্ববিদ্যালয়ে ৪২ খন বুজাবুজিৰ চুক্তি সম্পাদন কৰিছে।
ইতিমধ্যেই এই বিশ্ববিদ্যালয়ৰ পৰা ৪১৮ গৰাকী ছাত্ৰ ছাত্ৰীয়ে স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ লগতে এই বিশ্ববিদ্যালয়ৰ অধীনত ১৮গৰাকী লোকে বিভিন্ন বিষয়ত গবেষণা কৰি ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰিছে। এতিয়াও ৩১৯গৰাকী লোকে এই বিশ্ববিদ্যালয়ৰ অধীনত বিভিন্ন বিষয়ত গবেষণা কৰি আছে।
সংবাদমেল যোগে সদৰি কৰা অনুসৰি ১৪৯ গৰাকী লোকে অংশগ্ৰহণ কৰি চুড়ান্ত প্ৰমাণ পত্ৰ গ্ৰহণ কৰিব লগীয়া এই দীক্ষান্ত সমাৰোহ উপস্থিত থাকি সভাপতিৰ আসন অলংকৃত কৰিব অসমৰ মহামহিম ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্য।
একেদৰে অনুষ্ঠানত বন্দৰ,জাহাজ পৰিবহন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।
ইপিনে প্ৰথম দীক্ষান্ত সমাৰোহৰ লগত সংগতি ৰাখি সেই দিনাই অসমৰ সত্ৰীয়া নৃত্যক বিশ্বৰ দৰবাৰলৈ উলিয়াই নিয়া সত্ৰীয়া নৃত্যৰ সাধাক নৃত্যচাৰ্য পদ্মশ্ৰী পদ্ম ভূষণ উপাধিৰে বিভূষিত আৰু সংগীত নাটক একাডেমীৰ বঁটা লাভ কৰা যতীন গোস্বামীক কৃষ্ণ গুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিব।
নিয়মীয়া বাৰ্তা, সৰ্থেবাৰী, ১৭ ডিচেম্বৰ