নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰা-ধূপধৰা সংযোগী বিধ্বস্ত পথে জ্বলাকলা খুৱাইছে জনতাক…

কামৰূপৰ বকো-ছয়গাঁও সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ সদাব্যস্ত গড়কাপ্টানী পথে জ্বলাকলা খুৱাইছে ৰাইজক | বাট-পথৰ দুৰৱস্থাৰ বাবেই যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে কামৰূপ, গোৱালপাৰা আৰু সীমামূৰীয়া বৰপেটা- তিনিখনকৈ জিলাৰ কেন্দ্ৰস্থল নগৰবেৰা অঞ্চলৰ ৰাইজে | দীৰ্ঘদিন ধৰি বিধ্বস্ত হৈ আছে নগৰবেৰা-ধূপধৰা সংযোগী পকীপথছোৱা। গুৱাহাটীলৈ যোৱা একমাত্ৰ পথছোৱাৰ দুৰৱস্থাৰ ফলত সমস্যাত পৰিছে অঞ্চলটোৰ সৰ্বস্তৰৰ ৰাইজ। দৈনিক হাজাৰ হাজাৰ লোকে অহা-যোৱা কৰা সদাব্যস্ত পথটিৰ কেইবাঠাইতো জহি-খহি বিধ্বস্ত হৈ পৰাৰ লগতে ঠায়ে ঠায়ে গাঁতৰ সৃষ্টি হৈছে। ফলত পথচাৰীসকলে যাতায়াতৰ ক্ষেত্ৰত যাতনা ভোগ কৰিবলগীয়া হৈছে।

নগৰবেৰা উল্লেখিত তিনি জিলাৰ সীমামূৰীয়া অঞ্চলৰ কেন্দ্ৰস্থল য’ত চিকিৎসালয়, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যলয়, ছমৰীয়া উন্নয়ন খণ্ডৰ কাৰ্যালয়, থানা, বেংক, স্কুল, কলেজ আৰু ব্যক্তিগত খণ্ডৰ আগশাৰীৰ কেইবাখনো শিক্ষানুষ্ঠান থকাৰ বাবে নিতৌ লোকনিৰ্মাণ বিভাগৰ পথছোৱাৰে হাজাৰ হাজাৰ লোকে গাড়ী, মটৰ নাইবা খোজকাঢ়ি যাতায়াত কৰিবলগীয়া হয়। পথছোৱা জৰাজীৰ্ণ হৈ পৰাত মৰণত শৰণ দি পথচাৰীসকলে যাতায়াত অব্যাহত ৰাখিছে।

জনপ্ৰতিনিধি, চৰকাৰ, বিভাগীয় কৰ্তৃপক্ষক বহু আবেদন-নিবেদন কৰা সত্ত্বেও কোনো কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ উপৰি স্থানীয় বিধায়িকা নন্দিতা দাসেও বাট-পথৰ উন্নয়নত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে নগৰবেৰাবাসীয়ে। চৰকাৰ, লোকনিৰ্মাণ আৰু জনপ্ৰতিনিধিক শীঘ্ৰেই নগৰবেৰাৰ সদা ব্যস্ত এই মূল পথটি দ্বিলেনযুক্ত কৰি পকীকৰণ কৰিবলৈ দাবী জনাইছে ৰাইজে।

নিয়মীয়া বাৰ্তা, নগৰবেৰা,  ১৯ ডিচেম্বৰ :

You might also like