নগাঁৱৰ ধিঙত গেৰেকনি বিলত প্ৰশাসনৰ উচ্ছেদ অভিযান
অসম চৰকাৰে চৰকাৰী ভূমি, সংৰক্ষিত বনাঞ্চলসমূহ আৰু জলাশয়সমূহ অবৈধ বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰাৰ বাবে গ্ৰহণ কৰা ধাৰাবাহিক প্ৰচেষ্টাৰ অংশস্বৰূপে আজি নগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে জিলাখনৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত গেৰেকনি গাঁৱৰ গেৰেকনি বিলৰ বেদখলীকৃত ভূমি বেদখলমুক্ত কৰাৰ বাবে আজি পুৱা ৮-০০ বজাৰ পৰা উচ্ছেদ অভিযান আৰম্ভ কৰে।
আজিৰ এই উচ্ছেদ অভিযানত প্ৰায় ৮০ বিঘা হেক্টৰ মাটিৰে আবৃত গেৰেকনি বিলৰ চৰকাৰী ভূমি বেদখল কৰি অবৈধভাৱে খন্দা পুখুৰীসমূহৰ ভূমিখণ্ড বেদখলমুক্ত কৰা হয় । উল্লেখযোগ্য যে, উক্ত অঞ্চলসমূহৰ মুষ্টিমেয় কিছুসংখ্যক মানুহে এই গেৰেকনি বিলখনক পাৰ বান্ধি বৃহৎ বৃহৎ পুখুৰীৰ সৃষ্টি কৰি বহু বছৰ ধৰি অবৈধভাৱে বেদখল কৰি মাছৰ ব্যৱসায় কৰি আছিল । যাৰ ফলত বিলখনৰ পাৰিপাৰ্শ্বিকতা বিপন্ন হোৱাৰ লগতে সমগ্র অঞ্চলটোত কৃত্ৰিম বানৰ সৃষ্টি হৈছিল আৰু স্থানীয় ৰাইজৰ কৃষি কৰ্মৰ বিস্তৰ ক্ষতিসাধন হৈছিল।
আজিৰ এই উচ্ছেদ অভিযানত পকলেন এস্কেভেটৰ লগাই পুখুৰীসমূহৰ পাৰৰ বান্ধসমূহ ভাঙি মাটিসমূহ বেদখলমুক্ত কৰা হয়। আজিৰ প্রথম দিনা উচ্ছেদ অভিযান সম্পূৰ্ণ শান্তিপূৰ্ণভাবে সমাপন হয় আৰু বিলখন সম্পূৰ্ণভাৱে বেদখলমুক্ত নোহোৱালৈকে এই উচ্ছেদ অভিযান চলি থাকিব।
আজিৰ এই উচ্ছেদ অভিযানত জিলাখনৰ বহুসংখ্যক আৰক্ষীক নিয়োগ কৰা হৈছিল। আজিৰ এই উচ্ছেদ অভিযান স্থলীত অতিৰিক্ত জিলা আয়ুক্তদ্বয় সুদীপ নাথ, সহকাৰী আয়ুক্ত ভাস্কৰ চৌধুৰীকে প্ৰমুখ্য কৰি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন অন্যান্য বিষয়াসকল আৰু ধিং ৰাজহ চক্ৰৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।
বিশেষ বাৰ্তা, নগাঁও, ১৯ ডিচেম্বৰ