ৰূপহীহাটৰ বেলগুৰি কছাৰীগাঁৱৰ বেদখলকাৰীৰ বিপদঘন্টা। ৰূপহীহাটৰ বেলগুৰি কছাৰীগাঁৱত প্ৰশাসনে মাইকযোগে চৰকাৰী ভূমি খালী কৰাৰ নিৰ্দেশ দিলে। চামগুৰি ৰাজহ চক্ৰৰ খাটোৱাল মৌজাৰ বেলগুৰি কছাৰীগাঁও কিচামতৰ ৩৮০ বিঘা গেজিং ৰিজাৰ্ভৰ ভূমি ২০০তকৈ অধিক পৰিয়ালে বেদখল কৰি ৰাখিছিল।
যোৱা ৪ ডিচেম্বৰত উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিল চামগুৰি ৰাজহ চক্ৰ বিষয়াই। জাননীখনত বেদখলকাৰীলৈ প্ৰশাসনে ১৫ দিনৰ সময়সীমা বান্ধি দিছিল বেদখলীকৃত এলেকা খালী কৰিবলৈ।বহু বেদখলকাৰীয়ে নিজে নিজে ঘৰ-বাৰী ভাঙি খালী কৰিছে যদিও বহুতে খালী কৰা নাই। যাৰ বাবে আজি মাইকযোগে প্ৰশাসনে চৰকাৰী ভূমি ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে, অন্যথা বিধিগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ঘোষণা কৰে।