নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এখন ব্যতিক্ৰমী বিবাহ : দৰা-কইনাই গছপুলিৰে সম্ভাষণ জনালে অতিথিক

উচ্চ শিক্ষিত দৰা-কইনা লক্ষ্যজ্যোতি আৰু সুস্মিতাই ব্যতিক্ৰমী চিন্তাৰে লোৱা এই বিশেষ পদক্ষেপক অভ্যাগতসকলৰ লগতে শুভাকাংক্ষী ৰাইজে ভূয়সী প্ৰশংসা কৰিছে

নগাঁও জিলাৰ খুটিকটীয়াৰ ডি আৰ টি বিবাহ ভৱনত এখন ব্যতিক্ৰমী বিবাহে শেহতীয়াকৈ সাধাৰণ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷ নগাঁৱৰ ভূঞাপট্টিৰ নিবাসী পুষ্পেন্দ্ৰ বৰদলৈ আৰু ৰুণু বৰদলৈৰ জ্যেষ্ঠ পুত্ৰ লক্ষ্যজ্যোতি বৰদলৈ (সুমন)ৰ নগাঁও চহৰৰ কছলুখোৱাৰ নিবাসী দিলীপ কুমাৰ পাল আৰু প্ৰয়াত শিখা পালৰ একমাত্ৰ কন্যা সুস্মিতা পালৰ সৈতে শুভবিবাহৰ অভ্যৰ্থনা অনুষ্ঠিত হৈছিল৷

তেজপুৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা কইনা সুস্মিতা পাল আৰু দৰা শোণিতপুৰৰ নদুৱাৰ সম-জিলা আয়ুক্ত কাৰ্যালয়ৰ কনিষ্ঠ উন্নয়ন বিষয়াৰূপে কৰ্মৰত দৰা লক্ষ্যজ্যোতিয়ে শুভ বিবাহৰ অভ্যৰ্থনাস্থলীত অভ্যাগতসকলক অভ্যৰ্থনা অনুষ্ঠানৰ পিছতে অভ্যাগতসকলে তেওঁলোকক মৰম আৰু আৰ্শীবাদ জনাই স্বগৃহলৈ উভতি যোৱাৰ সময়ত নবদম্পতীদ্বয়ে  প্ৰত্যেককে একোটিকৈ গছপুলিৰে  সম্ভাষণ জনোৱাৰ আচিলাৰে ইয়াৰ দ্বাৰা যেন জীৱজগতৰ হিত সাধনৰ উদ্দেশ্যেও এক বাৰ্তা প্ৰেৰণ কৰে৷

অসম চৰকাৰৰ বনবিভাগৰ অৱসৰপ্ৰাপ্ত বনাঞ্চলিক বিষয়া পুষ্পেন্দ্ৰ বৰদলৈয়েও কনিষ্ঠ পুত্ৰ দিপুজ্জ্বল বৰদলৈ (লাবু)ৰ সহযোগত জ্যেষ্ঠ পুত্ৰ লক্ষ্যজ্যোতি আৰু বোৱাৰী সুস্মিতাই মানৱ সমাজৰ কল্যাণৰ হকে লোৱা প্ৰয়াসক পূৰ্ণ সমৰ্থন কৰে৷ উচ্চ শিক্ষিত দৰা-কইনা লক্ষ্যজ্যোতি আৰু সুস্মিতাই ব্যতিক্ৰমী চিন্তাৰে লোৱা এই বিশেষ পদক্ষেপক অভ্যাগতসকলৰ লগতে শুভাকাংক্ষী ৰাইজে ভূয়সী প্ৰশংসা কৰিছে৷ এহেজাৰৰো অধিক গছপুলি বিতৰণ কৰা এই ব্যতিক্ৰমী বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানটো দিনদিয়েক আগতে অনুষ্ঠিত হৈছিল৷

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰ

You might also like