আজি ২০ ডিচেম্বৰ, পুহ মাহৰ ৪ তাৰিখ, শনিবাৰ
মেষ : ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব৷ স্বাস্থ্যৰ প্রতি নজৰ দিয়ক৷ নিবনুৱাৰ কর্মপ্রাপ্তি হ’ব পাৰে৷ প্রেমত সুখ৷
বৃষ : উচ্চপদস্থ বিষয়াৰ লগত সু–সম্পর্ক বজাই ৰাখিব৷ আয়ৰ ক্ষেত্রত অনুকূল৷ পাৰিবাৰিক অশান্তি৷ বিদ্যাত শুভ৷
মিথুন : সন্তানৰ উন্নতিয়ে মনত আনন্দ দিব৷ ভ্রমণ হ’ব পাৰে৷ কোনো সংবাদ সংযোগত চিন্তিত হ’ব৷ বন্ধুবর্গৰ দ্বাৰা ক্ষতি হ’ব পাৰে৷
কর্কট : কন্যা সন্তানক লৈ চিন্তিত হ’ব৷ ফুৰা–চকাত সতর্ক হ’ব৷ উৎসাহজনক খবৰে আনন্দিত কৰিব৷ প্রেমত বাধা৷
সিংহ : কর্মসূত্রে ভ্রমণৰ যোগ আছে৷ শিল্পীসকলৰ প্রাপ্য সন্মান লাভত আনন্দ৷ আর্থিক ব্যয় বৃদ্ধি পাব৷ প্রেমত আনন্দ৷
কন্যা : আর্থিক অসুবিধা হ’ব পাৰে৷ বন্ধুবর্গৰ দ্বাৰা উপকৃত হ’ব৷ সন্তানৰ সুকীৰ্তি দেখা যায়৷ প্রেমত বাধা৷
তুলা : কোনোৱে আকস্মিক চিন্তা কৰিব পাৰে৷ কোনো কর্মৰ ফলস্বৰূপে মনলৈ শান্তি আহিব৷ বিবাহপ্রার্থীৰ বিবাহৰ প্রস্তাৱ আহিব পাৰে৷ বিদ্যাত শুভ৷
বৃশ্চিক : কিছুমান দিশত অস্থিৰতা অনুভৱ কৰিব৷ সন্তান সুখ। ভ্রমণত সাৱধান হোৱা উচিত৷ উৎকণ্ঠা বাঢ়িব। বিদ্যাত মধ্যম৷
ধনু : আপোনাৰ কর্মদক্ষতাৰ বাবে আনে প্রশংসা কৰিব৷ আর্থিকত আয়-ব্যয় সমান৷ বিদ্যাত শুভ৷ দাম্পত্যত মতানৈক্য৷
মকৰ : কর্মক্ষেত্রত জটিলতাৰ সন্মুখীন হ’ব পাৰে৷ ব্যয়ৰ মাত্রা বৃদ্ধি পাব৷ গৱেষকসকলৰ দায়িত্ব বৃদ্ধি পাব। দাম্পত্যত শুভ৷
কুম্ভ : নতুন কোনো পৰিকল্পনা হাতত ল’ব পাৰে৷ কর্মব্যস্ততা বৃদ্ধি পাব৷ প্রেমত প্রতাৰিত হ’ব পাৰে৷ সন্তানক লৈ চিন্তা৷
মীন : আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য লাভ৷ ভ্রমণ নকৰাই ভাল৷ প্রেম–প্রণয়ত শুভ৷ সৰু–সুৰা অসুখ হ’ব পাৰে৷