নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰেং চাপৰিত দশম মিচিং যুৱ মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

মিচিং যুৱ মহোৎসৱৰ বাবে মিচিং অধ্যুষিত অঞ্চলৰ ৰাইজৰ পৰা মিচিং জাতীয় সংগঠন সমূহৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আৰম্ভ কৰিছে চাউল-দানবৰঙনি সংগ্ৰহ কাৰ্যসূচী

যুৱ উশৃংখল, উগ্ৰ জাতীয়তাবাদ ত্যাগ কৰি সাংস্কৃতিক সংগ্ৰামৰ জৰিয়তে যুৱ সমাজক সঠিক পথৰ দিক্-নিৰ্দেশনা প্ৰদান কৰাৰ লক্ষ্যৰে প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা মিচিং যুৱ মহোৎসৱৰ দশম মিচিং যুৱ মহোৎসৱখন ২০২৬ বৰ্ষৰ ১৫, ১৬, ১৭ আৰু ১৮ জানুৱাৰীত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ব চিলাপথাৰৰ কাৰেং চাপৰিত৷

এই লৈ চিলাপথাৰৰ কাৰেং চাপৰিত চলাইছে ব্যাপক প্ৰস্তুতি৷ প্ৰতি বছৰৰ দৰেই এইবাৰো মিচিং যুৱ মহোৎসৱৰ বাবে মিচিং অধ্যুষিত অঞ্চলৰ ৰাইজৰ পৰা মিচিং জাতীয় সংগঠন সমূহৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আৰম্ভ কৰিছে চাউল-দানবৰঙনি সংগ্ৰহ কাৰ্যসূচী৷

উক্ত চাউল, দানবৰঙনি সংগ্ৰহ কাৰ্যসূচী বৃহস্পতিবাৰৰ পৰা প্ৰথমে আৰম্ভ কৰে জোনাইৰ ঐতিহাসিক ১ নং মূৰ্কংচেলেক গাঁৱৰ পৰা৷ টিএমপিকে কেন্দ্ৰীয় সমিতিৰ সভাপতি তিলক দলে, সম্পাদক চান দঃঞি পাংগিং, কাৰ্যকৰী সদস্য হেমচন্দ্ৰ দলে, দঃঞিঃ পঃলঃ য়েলাম কৗবাঙৰ সভাপতি একলব্য গাম,এম এম কে ৰ  সভাপতি ইন্দ্ৰ কুমাৰ চুংক্ৰুাঙ, টিএমপিকে জোনাই জিলা সমিতিৰ সভাপতি ফ্ৰাঞ্চিচ পাতিৰ,সম্পাদক জান দলে আদিৰ অংশ গ্ৰহণেৰে ১ নং মূৰ্কংচেলেক গাঁৱৰ মহিলা সকলে ঘৰে ঘৰে গৈ ৰাইজৰ পৰা চাউল-দানবৰঙনি সংগ্ৰহ কৰাৰ লগতে ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিত কামনা কৰে৷

নিয়মীয়া বাৰ্তা জোনাই ১৯ ডিচেম্বৰ

You might also like