নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেইবাখনো ৰে’ল বাতিল ৰে’ল বিভাগৰ, চাওক সবিশেষ

ইফালে  যাত্ৰীক উদ্ধাৰৰ বাবে ৰে’ল বিভাগে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা। লগতে ৰে’ল বিভাগে মুকলি কৰিছে তিনিটাকৈ হেল্পলাইন নম্বৰ। সেইকেইটা হল- ০৩৬১-২৭৩১৬২১, ২৭৩১৬২২, ২৭৩১৬২৩

আজি কামপুৰৰ ৰেল দুৰ্ঘটনাৰ পাছতে ৰেল বিভাগে কেইবাখনো ৰেল বাতিল তথা চলাচল বন্ধ ৰাখিছে।

 বাতিল কৰা ৰেলসমূহৰ ভিতৰত আছে– ৰঙিয়া-নিউ তিনিচুকীয়া, গুৱাহাটী-যোৰহাট জনশতাব্দী এক্সপ্ৰেছ, গুৱাহাটী-বদৰপুৰ উজনিমুৱা ৰে’ল, নিউ তিনিচুকীয়া-ৰঙিয়া নামনিমুৱা ৰে’ল, মৰিয়নি গুৱাহাটী ৰে’ল, লামডিং-গুৱাহাটী নামনিমুৱা ৰে’ল, যোৰহাট টাউন-গুৱাহাটী নামনিমুৱা জনশতাব্দী এক্সপ্ৰেছ, বদৰপুৰ-গুৱাহাটী নামনিমুৱা ৰে’ল, গুৱাহাটী-লামডিং নামনিমুৱা ৰে’ল, আলিপুৰদুৱাৰ-মৰিয়নি উজনিমুৱা ৰে’ল, মৰিয়নি-ডিগাৰুৰ মাজত বাতিল মৰিয়নি- আলিপুৰদুৱাৰ নামনিমুৱা এক্সপ্ৰেছ।

ইফালে  যাত্ৰীক উদ্ধাৰৰ বাবে ৰে’ল বিভাগে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা। লগতে ৰে’ল বিভাগে মুকলি কৰিছে তিনিটাকৈ হেল্পলাইন নম্বৰ। সেইকেইটা হল- ০৩৬১-২৭৩১৬২১, ২৭৩১৬২২, ২৭৩১৬২৩।

ডিজিটেল ডেস্ক, ২০ ডিচেম্বৰ

You might also like