নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত ভ/য়ংকৰ পথ দু/ৰ্ঘটনাত চালকৰ প্ৰা/ণহানি, দুজন আহত

ৰঙিয়াৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এজনৰ মৃত্যু হোৱাৰ লগতে দুজন গুৰুতৰভাৱে আহত হয় । দেওবাৰে পুৱা গুৱাহাটী অভিমুখী এখন ট্ৰাকৰ পিছফালে তীব্ৰবেগী আন এখন ট্ৰাকে খুন্দিওৱাত দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনা সংঘটিত হোৱা ট্ৰাক দুখনৰ নম্বৰ হৈছে WB-39C-4212 আৰু NL-01-K-9837 ।

ৰঙিয়াৰ চেপ্তি অঞ্চলত পশ্চিমবংগৰ ট্ৰাকখনে নাগালেণ্ডৰ ট্ৰাকখনক অভাৰটেক কৰিবলৈ লোৱাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাটো সংঘটিত হয়। ভয়ংকৰ সংঘৰ্ষত পশ্চিমবংগৰ ট্ৰাকখনৰ চালকজন থিতাতে নিহত হয়। লগতে ট্ৰাকখনৰ দুজন সহযোগী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ঘটনাৰ খবৰ পোৱাৰ পিছতে ৰঙিয়া আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে নিহত চালকজন ট্ৰাকৰ চেপাত আবদ্ধ হৈ পৰে। পিছত ৪খন ক্ৰেন আৰু SDRFৰ সহায়ত চালকজনক উদ্ধাৰ কৰা হয়। দুৰ্ঘটনাৰ পিছত ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল বন্ধ হৈ পৰে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে ঘাইপথৰ এটা ফাল বন্ধ কৰি আন এটা ফালেৰে যান-বাহন চলাচলৰ ব্যৱস্থা কৰে।

ডিজিটেল ডেস্ক, ২১ ডিচেম্বৰ :

You might also like