প্ৰচণ্ড শীতৰ কুঁৱলীৰ মাজত একুৰা জুইৰ উত্তাপেৰে জীপাল কৰি মাকুমৰ সাংস্কৃতিক ক্ষেত্ৰত প্ৰাণ পাই উঠিছে সূৰ্যোদয়ে। ২১ ডিচেম্বৰৰ সন্ধিয়া শিল্পী মুনমুন বৰাৰ চোতালৰ মুক্ত আকাশৰ তলত শীতৰে সেমেকা ৰাতি অনুষ্ঠানে মুখৰিত কৰি তোলে।
শিল্পী-সাহিত্যিক ড° সুনীল বৰগোহাঞিয়ে আঁত ধৰা অনুষ্ঠানটিত সাৰ পাম মই পুৱতি নিশাতে গীতেৰে শিল্পী শান্তনু বড়াই অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে। শিশুশিল্পী ছায়নজ্যোতি মৰাণে আমোলমোল শেৱালিৰ গোন্ধেৰে গীতৰ কৰণি সজাই তোলে। আন এগৰাকী শিশুশিল্পী বিশ্বজিৎ মূড়াই সুন্দৰ গীত পৰিৱেশন কৰে। মাকুম সাহিত্য সভাৰ সভাপতি সৌমিত্ৰ গগৈয়ে নেপালী গীত পৰিৱেশন কৰি অনুষ্ঠানটি মধুময় কৰি তোলে।
কবি নন্দ বৰুৱাই চহা জীৱনৰ বাস্তৱ ছবিখন কাব্যিকতাৰ মাজেৰে দাঙি ধৰে। গীতিকাৰ-সুৰকাৰ প্ৰণৱজ্যোতি গগৈয়ে জোনাকত জোনৰ বৰণেৰে নিজস্ব শৈলীৰে গীত পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে। অঁনাতাৰ শিল্পী পূৰ্ণেন্দু দাসে সুন্দৰ গীতেৰে পৰিৱেশটি মুখৰিত কৰি তোলে। শিল্পী মুনমুন বৰায়ো গীতেৰে অনুষ্ঠানটি সজাই তোলে। ড° সুনীল বৰগোহাঞিৰ পুৰণি বিহুগীতৰ লগতে দীপ্তি ৰেখা দত্তৰ গীতেৰে অনুষ্ঠানটি জীপাল কৰি তোলে। উক্ত অনুষ্ঠানতেই মাকুমৰ সাংস্কৃতিক কৰ্মী নিতাই দে’ৰ অকাল বিয়োগত সূৰ্যোদয়ে শোক প্ৰকাশো কৰে।
শীতৰ সেমেকা নিশাৰ মধুময় সংগীতৰ অনুষ্ঠানটি সঞ্জয় বৰা, সঞ্জীৱ দত্ত, ধ্ৰুৱজ্যোতি কাকতি, অসীম কুমাৰ দত্ত, মঞ্জু বৰদলৈ, কান্তা বৰঠাকুৰ, স্বপ্নালী দত্ত, কামাখ্যা শৰ্মা, উদিতা ঈশানী দত্ত, বৃষ্টি বৰুৱা, মণ্টু মৰাণ আদিয়ে অংশগ্ৰহণ কৰি প্ৰাণৱন্ত কৰি তোলে।