পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে তুলিৰাম ৰংহাঙৰ পুৰণি বাসগৃহ। উল্লেখ্য যে PGR/VGR ভূমি বেদখলমুক্ত কৰাৰ দাবীত দহৰো অধিক দিন ধৰি প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছিল। কাৰ্বি ভূমিৰ এনে অঞ্চলত অচিৰেই উচ্ছেদ চলাব বুলি ঘোষণা কৰিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল প্ৰশাসনে।
সোমবাৰে এই প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰে। দেওবাৰে নিশা ৩গৰাকীকৈ প্ৰতিবাদকাৰীক আটক কৰি নিয়াৰ পিছতে প্ৰতিবাদকাৰীয়ে সোমবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। পথ অৱৰোধ কৰা প্ৰতিবাদকাৰীয়ে খেৰণিৰ পাছত CEM তুলিৰাম ৰংহাঙৰ গৃহ সমষ্টি ডংকামোকামলৈ ৰাওনা হৈ অঞ্চলটোত তীব্র উত্তেজনা আৰু উত্তাল পৰিৱেশ সৃষ্টি কৰে। খেৰণিত প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়ে তুলিৰাম ৰংহাঙৰ পুৰণি বাসগৃহ।
পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰাত ৩গৰাকীকৈ লোক আহত হয়। বৰ্তমানো আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ উত্তেজনা অব্যাহত আছে।
ডিজিটেল ডেস্ক, ২২ ডিচেম্বৰ :