বাংলাদেশত হিন্দু যুৱক দীপু দাসক নাৰকীয়ভাৱে হত্যা কৰাৰ লগতে সেই দেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ ওপৰত চলি থকা অত্যাচাৰৰ বিৰুদ্ধে নতুন দিল্লীত বাংলাদেশ উচ্চায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা হয়। এই প্ৰতিবাদত বিশ্ব হিন্দু পৰিষদ (VHP) আৰু বজৰং দলৰ কৰ্মীসকলে অংশগ্ৰহণ কৰে। পৰিস্থিতি উত্তপ্ত হৈ উঠাৰ লগে লগে প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ বেৰিকেড ভাঙি আগবাঢ়িবলৈ চেষ্টা কৰে, যাৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠীচাৰ্জ কৰিবলগীয়া হয়।
বাংলাদেশত সংখ্যালঘু নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছিল বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে। সেই অনুসৰিয়েই মঙলবাৰে বাংলাদেশ উচ্চায়ুক্ত কাৰ্যালয়ৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰা হৈছিল। বাংলাদেশ উচ্চায়ুক্ত কাৰ্যালয়ৰ চাৰিওফালে অতিৰিক্ত আৰক্ষী আৰু নিৰাপত্তা বাহিনী মোতায়েন কৰাৰ লগতে একাধিক পথত আৰক্ষীৰ বেৰিকেড স্থাপন কৰা হয়।
তথাপি বৃহৎসংখ্যক প্ৰতিবাদকাৰীয়ে বেৰিকেড ভাঙি আগবাঢ়িবলৈ চেষ্টা কৰে। প্ৰতিবাদকাৰীসকলে দাবী তোলে যে দীপু দাস হত্যাকাণ্ড আৰু বাংলাদেশত সংখ্যালঘুৰ ওপৰত হোৱা নিৰ্যাতনৰ বাবে বাংলাদেশী কৰ্তৃপক্ষক জবাবদিহি কৰিবই লাগিব। প্ৰতিবাদকাৰীয়ে বেনাৰ-পোষ্টাৰ লৈ বিভিন্ন শ্লোগান দি পৰিস্থিতি উত্তপ্ত কৰি তোলে।
এই প্ৰতিবাদী সভাত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ পুত্তলিকা দাহ কৰাও দেখা যায়। ঘটনাক কেন্দ্ৰ কৰি এলেকাটোত কিছু সময়ৰ বাবে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় যদিও আৰক্ষীৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।
উল্লেখ্য যে বিগত সপ্তাহত বাংলাদেশত হিন্দু যুৱক দীপু চন্দ্ৰ দাসক একাংশ লোকে প্ৰহাৰ কৰাৰ পিছত ৰাজপথত ওলমাই জীৱন্তে জ্বলাই দিয়ে । এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ লগে লগে বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰ আৰু মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ বিৰুদ্ধে ক্ষোভৰ অগনি জ্বলে ৷ এই ঘটনাক লৈ বিভিন্ন স্থানত অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ কৰি আহিছে।
ডিজিটেল ডেস্ক, ২৩ ডিচেম্বৰ :