নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উভতি চাওঁ ২০২৫ : বিশ্ব মঞ্চত শ্রেষ্ঠত্বৰ দৌৰত ভাৰত

সময় অনিৰুদ্ধ৷ সময়ে আনি দিয়ে জীৱনৰ উত্থান–পতন, আশা–আকাংক্ষা৷ কেৱল ব্যক্তিগত জীৱনৰ ক্ষেত্রতেই নহয়, দেশৰ ক্ষেত্রতো ই সত্য ৷ অর্থনীতি, বিজ্ঞান, ক্রীড়াৰ পৰা বিনোদন তথা সাহিত্যলৈকে ২০২৫ বর্ষটোত ভাৰতবর্ষই বিশ্বৰ মঞ্চত বাৰে বাৰে বিশেষ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷

২০২৫ বর্ষত ভাৰতে জাপানক চেৰ পেলাই বিশ্বৰ চতুর্থ সর্ববৃহৎ অর্থনীতি হিচাপে পৰিগণিত হৈছে৷ প্রথমে নীতি আয়োগৰ চিইঅ’ বিভিআৰ সুব্রমন্যমে এই দাবী কৰে৷ পিছলৈ আন্তঃৰাষ্ট্রীয় মুদ্রানিধি (আইএমএফ)ৰ প্রতিবেদনতো কোৱা হয় যে জাপানক পিছ পেলাই ভাৰতৰ অর্থনীতি ৪.১৮ ত্রিলিয়ন মার্কিন ডলাৰ হৈছে৷ সম্প্রতি বিশ্ব প্রেক্ষাপটত আমেৰিকা, চীন আৰু জার্মানীহে ভাৰততকৈ আগত আছে৷ ২০২৭ চনৰ ভিতৰত ভাৰতে বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থনীতিৰ দেশ হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছে একাংশ বিশেষজ্ঞই৷

তেনেদৰে ডিজিটেল পে’মেণ্টৰ ক্ষেত্রতো সমগ্র বিশ্বকে পিছ পেলাইছে ভাৰতৰ ইউনিফাইড পে’মেণ্ট ইণ্টাৰফেচ চমুকৈ ইউপিআয়ে৷ ভাৰতত তৈয়াৰ কৰা এই অভিনৱ প্রযুক্তি ব্যৱহাৰ কৰিছে বিশ্বৰ বহুকেইখন দেশে৷ চলিত বছৰতে ইউপিআইলৈ স্বীকৃতি প্রদান কৰিছে আন্তঃৰাষ্ট্রীয় মুদ্রানিধিয়ে৷ আন্তঃৰাষ্ট্রীয় সংস্থাটোৱে স্বীকাৰ কৰিছে যে বর্তমান বিশ্বৰ সবাতোকৈ বৃহৎ ৰিয়েল টাইম পে’মেণ্ট ছিষ্টেম হ’ল ভাৰতৰ ইউপিআই৷

উল্লেখযোগ্য যে ২০১৬ চনত নেচনেল পে’মেণ্টছ কর্প’ৰেচন অৱ ইণ্ডিয়াই এই প্রযুক্তিৰ প্রচলন কৰিছে৷একেদৰে ২০১৪ বর্ষত ক্ষমতালৈ অহাৰ পিছৰে পৰা প্রধানমন্ত্রী নৰেন্দ্র মোদীক বিশ্বৰ বিভিন্ন দেশে সন্মান জনাই অহাৰ দৰে ২০২৫ বর্ষতো এয়া অব্যাহত আছে৷ শেহতীয়াকৈ ওমানৰ সর্বোচ্চ নাগৰিক সন্মান লাভ কৰাটো মোদীৰ শিৰত ৩৪সংখ্যক আন্তঃৰাষ্ট্রীয় সন্মান৷

আনহাতে, যোৱা ২৫ জুনত এক্সিয়ম মিছন–৪ৰ অংশ হৈ সম্পূর্ণ ৪১ বছৰৰ মূৰত আন্তঃৰাষ্ট্রীয় মহাকাশ কেন্দ্রলৈ যাত্রা কৰে গ্রুপ কেপ্টেইন শুভাংশু শুক্লাই৷ ৰাকেশ শর্মাৰ পিছত তেওঁ দ্বিতীয়গৰাকী ভাৰতীয় মহাকাশচাৰীৰ সন্মান লাভ কৰে৷

ইফালে, ২০২৫ চনত ইতিহাস গঢ়িছে ভাৰতৰ মহিলা ক্রিকেট দলে৷ হৰমনপ্রীত কৌৰৰ নেতৃত্বত প্রথমবাৰৰ বাবে আইচিচিৰ মহিলা এদিনীয়া বিশ্বকাপ জয় কৰিছে ৱ’মেন ইন ব্লুৱে৷ তদুপৰি ২০২৫ চনতে স্কোৱাছ আৰু খো খো বিশ্বকাপ চেম্পিয়ন হৈছে ভাৰত৷ দবাতো ফিডে মহিলা বিশ্বকাপ চেম্পিয়ন হৈ দেশৰ নাম উজলাইছে ১৯ বছৰীয়া দিব্যা দেশমুখে৷

তেনেদৰে এই বছৰতে সাহিত্যৰ ক্ষেত্রত অন্যতম আন্তঃৰাষ্ট্রীয় খিতাপ বুকাৰ প্রাইজ জয় কৰে কন্নড় লেখিকা বানু মুস্তাকে তেওঁৰ ‘হার্ট লেম্প’ নামৰ গল্প সংকলনখনৰ বাবে৷ ৮২সংখ্যক ভেনিছ চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ পৰিচালকৰ খিতাপ আঁজুৰি আনে বংগকন্যা অনুপর্ণা ৰায়ে ‘ছংছ অৱ ফ’ৰগটেন ত্রিজ’ চলচ্চিত্রৰ বাবে৷

নিউজ ডেস্ক, ২৩ ডিচেম্বৰ :

You might also like