নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটাৰ জামাতত অংশ লোৱা ব্যক্তিয়ে ঘৰে ঘৰে বিলাইছিল খাদ্য

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ নিজামুদ্দিন দৰগাহত অনুষ্ঠিত তবলিগী জামাতত মাৰ্ঘেৰিটাৰ ৯ গৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল । ইয়াকে লৈ সমগ্ৰ জিলাখনতে সৃষ্টি হৈছে চাঞ্চল্য । প্ৰাপ্ত তথ্য অনুসৰি জামাতত অংশগ্ৰহণ কৰি যোৱা ১৭ মাৰ্চত এজন ব্যক্তি ইতিমধ্যে উভতি আহিছে । মাৰ্ঘেৰিটা তল বজাৰৰ এখন জোতাৰ দোকানৰ স্বত্বাধিকাৰী এই ব্যক্তিজনে দিল্লীৰ পৰা অহা সন্দৰ্ভত প্ৰশাসনক অৱগত কৰা নাছিল। তদুপৰি তেওঁ ভাৰতীয় ৰেডক্ৰছ ছ’চাইটিৰ মাৰ্ঘেৰিটা শাখাৰ সদস্যৰ লগত যোৱা ২৯ মাৰ্চত মাৰ্ঘেৰিটাৰ শতাধিক দাৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ ঘৰে ঘৰে গৈ খাদ্য সামগ্ৰী বিতৰণ কৰিছিল ।

যি সময়ত স্বয়ং মহকুমাধিপতি ৰেডক্ৰছ ছ’চাইটিৰ সভাপতি । কিন্তু প্ৰশাসনে এই ব্যক্তিজনৰ সমস্ত তথ্য মঙলবাৰৰ নিশাহে জানিবলৈ সক্ষম হয় । ইতিমধ্যে তেওঁক ১৯ মাৰ্চত লাহোৱালস্থিত আইছ’লেচন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় । নিজামুদ্দিন দৰগাহৰ পৰা উভতি অহা আন এজন ব্যক্তিৰ তথ্যও প্ৰশাসনে লাভ কৰিছে । প্ৰশাসনৰ অজ্ঞাতে নিজৰ গৃহত থকা জামালুদ্দিন নামৰ হিলভিউৰ ব্যক্তিজনক বুধবাৰে লাহোৱালস্থিত আইছ’লেচন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় ।

You might also like