ৰত্নেশ্বৰ মৰাণলৈ প্রতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা
বিশিষ্ট লোককৃষ্টিৰ সাধক ৰত্নেশ্বৰ মৰাণলৈ আগবঢ়োৱা হৈছে চলিত বর্ষৰ আছুৰ প্রতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা৷ তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ বৰমেছাই শিমলুগুৰি নিৱাসী ৰত্নেশ্বৰ মৰাণে দীর্ঘদিন ধৰি লোককৃষ্টিৰ সাধনা কৰি আহিছে৷
আছুৰ সভাপতি উৎপল শর্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এই কথা সদৰী কৰি কয় যে অসমৰ লোককৃষ্টিৰ সংৰক্ষণ আৰু প্রচাৰত বৰঙণি আগবঢ়োৱা এগৰাকী ব্যক্তিক প্রতি বছৰে আছুই এই বঁটা প্রদান কৰি আহিছে৷
অহা ২৭ ডিচেম্বৰত গোৱালপৰীয়া লোকগীতৰ সম্রাজ্ঞী প্রতিমা বৰুৱা পাণ্ডেৰ মৃত্যুৰ দিনটোত চানমাৰিৰ শ্বহীদ উদ্যানত থকা প্রতিমূর্তিস্থলীত দিনৰ ১১ বজাত লোককৃষ্টিৰ সাধক ৰত্নেশ্বৰ মৰাণক বঁটা প্রদান কৰা হ’ব৷
ডিজিটেল ডেস্ক, ২৪ ডিচেম্বৰ