দমকলৰ পৰা ওলাল জুই, তিতাবৰত আতংক
নতুনকৈ স্থাপন কৰা দমকলৰ পৰা জুই ওলোৱাক লৈ আজি তিতাবৰৰ জালুকনিবাৰীৰ ঠেঙালগাঁৱত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।
ঠেঙালগাঁৱৰ গুণ শইকীয়া নামৰ এঘৰত নতুনকৈ স্থাপন কৰিছিল দমকলটো। আজি দমকলটোৰ পৰা ভয়ংকৰভাৱে জুই নিৰ্গত হোৱাক লৈ অঞ্চলটোৰ আতংকময় পৰিৱেশ বিৰাজ কৰে।
ভূগৰ্ভৰ পৰা প্ৰাকৃতিক গেছ নিৰ্গত হোৱাৰ বাবেই জুই জ্বলি উঠা বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী, প্ৰশাসন আৰু অ’ এন জি চিৰ লোক উপস্থিত হৈ ঘটনাৰ তদন্ত কৰে।
নিয়মীয়া বাৰ্তা, তিতাবৰ, ২৪ ডিচেম্বৰ