গৌৰীপুৰৰ অমৰেন্দ্ৰ ৰায়ক ২০২৫ বৰ্ষৰ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা
২০২৫ বৰ্ষৰ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা বিশিষ্ট সাৰিন্দা বাদক, গৌৰীপুৰৰ শিলাইৰ পাৰৰ বাসিন্দা অমৰেন্দ্ৰ ৰায়ক প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। আজি সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি বাবু জিতু ৰায় আৰু কাৰ্যকৰী সাধাৰণ সম্পাদক জীৱন জ্যোতি বৰুৱা স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তি যোগে এয়া সদৰি কৰিছে ছাত্ৰ সংগঠনটোৱে।
অহা ২৭ ডিচেম্বৰৰ দিনা ধুবুৰীৰ গৌৰীপুৰত গোৱালপৰীয়া লোকগীতৰ সাম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ ২৩তম মৃত্যু দিৱস উপলক্ষে আয়োজিত এক বিশেষ কাৰ্যসুচীত ৰায়ক এই বঁটা প্ৰদান কৰিব সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাই।
উল্লেখ্য যে, সিদিনা পুৱা ৯ বজাত সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি বাবু জিতু ৰায়ে ছাত্ৰ সন্থাৰ পতাকা উত্তোলেনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। পুৱা ১০ বজাত প্ৰতিমা বৰুৱা পাণ্ডে প্ৰতিকৃতি মাল্যাৰ্পণ কৰিব শিল্পীগৰাকীৰ পৰিবাৰ বৰ্গই। পুৱা ১০-৩০ বজাত অনুষ্ঠিত হ’বলগীয়া ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছত দিনৰ ১১ বজাত অনুষ্ঠিত হ’ব সৰ্বধৰ্ম প্ৰাৰ্থনা সভা।
দিনৰ ১২টা বজাৰ পৰা “ক” আৰু “খ” দুটা শাখাত অনুষ্ঠিত হ’ব প্ৰতিমা বৰুৱা পাণ্ডেৰ পাণ্ডেৰ গোৱালপৰীয়া নৃত্য প্ৰতিযোগিতা। দুপৰীয়া ২ বজাত অনুষ্ঠিত হ’ব ২০২৫ বৰ্ষৰ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰদান অনুষ্ঠান আৰু ৰাজহুৱা সভা।
বিয়লি ৩ বজাত পূৰ্বে অনুষ্ঠিত হৈ যোৱা প্ৰতিযোগিতা সমূহৰ বিজয়ী সকলৰ বঁটা প্ৰদান অনুষ্ঠানৰ পিছত বিয়লি ৫ বজাত সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যকৰী সাধাৰণ সম্পাদক জীৱন জ্যোতি বৰুৱাই শুভাৰম্ভ কৰিব বন্তি প্ৰজ্জ্বলন কাৰ্যসূচীৰ। সেই কাৰ্যসূচীৰ সমাপ্তিৰ লগে লগে পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ এইবেলিৰ ২৩ সংখ্যক মৃত্যু দিৱসৰ দিনজোৰা বিশেষ কাৰ্যসূচীৰ সমাপন ঘটিব।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৪ ডিচেম্বৰ