বৰদিনক লৈ ব্যাপক উছাহৰ মাজতে কৰ্ণাটকত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । পুৱতি নিশাৰ এই ভয়াৱহ সংঘৰ্ষত ১০গৰাকী লোকে প্ৰাণ হেৰুৱায়।
বুধবাৰে নিশা কৰ্ণাটকত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ পিছতে দাউদাউকৈ জ্বলি উঠে বাছখন। বিপৰীত দিশৰ পৰা অহা ট্ৰাকখনে শ্লিপাৰ বাছখনত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় । এই ভয়াৱহ দুৰ্ঘটনাত অগ্নিদগ্ধ হৈ অন্ততঃ ১০গৰাকী লোকৰ মৃত্যু হৈছে। ঘটনাত ট্ৰাকখনৰ চালকেও প্ৰাণ হেৰুৱায়। লগতে বহু যাত্ৰী গুৰুতৰভাৱে আহত হৈছে। ঘটনা সংঘটিত হোৱাৰ লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ আৰু অগ্নি নিৰ্বাপণ কাৰ্য আৰম্ভ কৰে। দীঘলীয়া প্ৰচেষ্টাৰ অন্তত অগ্নি নিয়ন্ত্ৰণলৈ অনা হয়।
জানিব পৰা মতে, বাছখন বেংগালুৰুৰ পৰা শিৱমোগালৈ যাত্ৰা কৰিছিল। নিশা প্ৰায় ২ বাজি ৩০ মিনিটত কৰ্ণাটকৰ চিত্ৰদুৰ্গা জিলাৰ ৪৮নং ৰাষ্ট্ৰীয় ঘাইপথত বিপৰীত দিশৰ পৰা আহি থকা এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় বাছখনৰ। সংঘৰ্ষৰ পিছতেই বাছখনত অগ্নিকাণ্ড সংঘটিত হয়। বিকট শব্দ শুনি স্থানীয় লোকসকল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ কাৰ্যত সহযোগিতা আগবঢ়ায়।
আৰক্ষী সূত্ৰই জনোৱা মতে, বাছখনত মুঠ ৩২গৰাকী যাত্ৰী আছিল আৰু দুৰ্ঘটনাৰ সময়ত প্ৰায় সকলোৱে টোপনিত আছিল। হঠাত সংঘটিত এই মৰ্মান্তিক দুৰ্ঘটনাই বহু লোকক হতবাক কৰি তোলে। ৰবীকান্ত গৌড়াই জনোৱা মতে, ট্ৰাকখনে প্ৰথমে ডিভাইডাৰত খুন্দা মাৰে আৰু তাৰ পিছতেই বাছখনৰ সৈতে সংঘৰ্ষ হয়।
ইফালে, এই ভয়াৱহ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সামাজিক মাধ্যম ‘এক্স’ত প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে- “কৰ্ণাটকৰ এই দুৰ্ঘটনা হৃদয়বিদাৰক। নিহতসকলৰ পৰিয়ালবৰ্গৰ প্ৰতি মোৰ গভীৰ সমবেদনা। আহতসকলে সোনকালে আৰোগ্য লাভ কৰক।” লগতে নিহত প্ৰতিগৰাকী ব্যক্তিৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য় আগবঢ়োৱাৰ ঘোষণা কৰা হৈছে।
ডিজিটেল ডেস্ক, ২৫ ডিচেম্বৰ :