নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অতিৰিক্ত শিলভৰ্তি ডাম্পাৰ সোমাল দোকানত

আজি তামাৰহাটৰ বাসন্তীপুৰত দোকানত সোমাই পৰিল এখন শিলভৰ্তি ডাম্পাৰ। শ্ৰীৰামপুৰৰ পৰা ধুবুৰী অভিমুখে গৈ থকা সময়ত শিলভৰ্তি ডাম্পাৰখন নিয়ন্ত্ৰণ হেৰুৱাই দোকানত সোমাই পৰে। ১২৭ নম্বৰ (বি) ৰাষ্ট্ৰীয় পথৰ বাসন্তীপুৰ বজাৰত এই ঘটনা ঘটনা সংঘটিত হয়।

উল্লেখ্য যে অতিৰিক্তভাৱে শিল বোজাই কৰি অনা ডাম্পাৰখন কেইবাখনো দোকানৰ বিস্তৰ ক্ষতি সাধন কৰি ৰাষ্ট্ৰীয় পথত বাগৰি পৰে। কিন্তু বাগৰি পৰাৰ সময়ত উক্ত স্থানত নাছিল কোনো লোক। অতিৰিক্ত শিল বোজাই ডাম্পাৰৰ নম্বৰ আছিল NL-01AF-6522।

ডিজিটেল ডেস্ক, ২৫ ডিচেম্বৰ

You might also like