সম্পাদকীয় : নাইট্ৰ’জেন প্রদূষণ
পৃথিৱীৰ বায়ুমণ্ডলৰ ৭৮ শতাংশই নাইট্ৰ’জেন৷ ই এবিধ অপৰিহার্য পুষ্টি উপাদান যদিও ইয়াৰ অতিৰিক্ত উপস্থিতিয়ে পৰিৱেশত বিৰূপ প্রভাৱ পেলাব পাৰে৷ নাইট্ৰ’জেনৰ বিভিন্ন যৌগ (যেনে– নাইট্ৰ’জেন অক্সাইড, এমোনিয়া)ৰ অতিৰিক্ত মাত্রাত উপস্থিতিয়ে পৰিৱেশতন্ত্রৰ ব্যাপক সাধন কৰে৷ পৃথিৱীৰ তিনিটা সংকটৰ মূলতে নাইট্ৰ’জেন৷ সেইকেইটা হ’ল প্রদূষণ, জৈৱ–বৈচিত্র্যৰ ক্ষতি আৰু জলবায়ু পৰিৱর্তন৷ খাদ্য উৎপাদনৰ ক্ষেত্রত জৈৱিক আৰু ঔদ্যোগিক পোষক দ্রব্যৰূপে ই প্রয়োজনীয় যদিও ভুল নীতি আৰু পৰিচালনাৰ বাবে বিশেষকৈ অতিৰিক্ত নাইট্ৰ’জেনৰ জৰিয়তে ভূমিৰ অৱক্ষয় আৰু পৰিৱেশ প্রদূষণত অৰিহণা যোগায়৷ ইয়াৰ ফলত পৃথিৱীৰ জৈৱ ৰাসায়নিক চক্রত বিঘিনি ঘটে৷ ১৪৫ কোটি জনসংখ্যাৰ ভাৰত ভাৰাক্রান্ত আৰু বিশ্বৰ কৃষি উৎপাদনত উল্লেখনীয় অৱদান আগবঢ়োৱা দেশখন ভাৰত৷ ২০১৮ বর্ষৰ ‘নেচাৰ ইণ্ডিয়া’ত প্রকাশিত প্রতিবেদনত ভাৰতক নাইট্ৰ’জেন প্রদূষণৰ অভিকেন্দ্র বুলি আখ্যা দিয়া হৈছে৷ ইয়াৰ মূলতে হ’ল কম নাইট্ৰ’জেন ব্যৱহাৰৰ কার্যক্ষমতা (এনইউই), অত্যধিক ইউৰিয়া প্রয়োগ আৰু অনিয়ন্ত্রিত পশুধনৰ লগতে আৱর্জনা নির্গমন৷ বিশ্বজুৰি চলোৱা জৰীপ অনুসৰি, কৃষিত প্রয়োগ কৰা নাইট্ৰ’জেনৰ অর্ধেকসংখ্যকহে শস্যই ব্যৱহাৰ কৰে৷ বাকী অংশ পৰিৱেশত মিলি যায় আৰু ইয়াৰ পৰিণতিস্বৰূপে পানী, বায়ু আৰু পৰিৱেশতন্ত্র প্রদূষিত হ’বলৈ ধৰে৷ ভাৰতত নাইট্ৰ’জেন প্রদূষণৰ পৰিৱেশ ব্যয় বছৰি প্রায় ৭৮ কোটি আমেৰিকান ডলাৰ বুলি অনুমান কৰা হৈছে৷ জীৱাশ্ম ইন্ধনৰ দহন, কৃত্রিম নাইট্ৰ’জেন সাৰৰ ব্যৱহাৰ আৰু বর্জ্য পানীত নাইট্ৰ’জেন মিহলি হোৱাৰ দৰে ক্রিয়াকলাপসমূহে সমগ্র বিশ্বতে নাইট্ৰ’জেন–চক্রক প্রভাৱিত কৰিছে৷ বিশ্বজুৰি নাইট্ৰ’জেন–চক্রৰ পৰিৱর্তনে প্রাকৃতিক পৰিৱেশতন্ত্র আৰু জনস্বাস্থ্যৰ ওপৰত নেতিবাচকভাৱে প্রভাৱ বিস্তাৰ কৰে৷ ভাৰতৰ দৰে কৃষিৰ আধিক্য থকা দেশ নাইট্ৰ’জেন সাৰৰ ওপৰত বহুলাংশে নির্ভৰশীল যদিও এই ব্যৱস্থা বৰ নিখুঁত নহয়৷ এটা মূল্যায়নত পৰিলক্ষিত হৈছে যে ভাৰতে বছৰি প্রায় ১ঃ৭ কোটি টন নাইট্ৰ’জেন সাৰ প্রয়োগ কৰে যদিও উদ্ভিদে প্রধান শস্য (ধান আৰু ঘেঁহু)ত যোগ কৰা নাইট্ৰ’জেনৰ ৩৩ শতাংশহে শোষণ কৰে৷ অর্থাৎ প্রয়োগ কৰা নাইট্ৰ’জেনৰ প্রায় দুই–তৃতীয়াংশ মাটিতে থাকে বা পৰিৱেশত মিহলি হয়৷
নাইট্ৰ’জেন সাৰৰ এই বৃহৎ ক্ষতিৰ ফলত বিশাল পৰিমাণৰ প্রদূষকৰ বোজা উৎপন্ন হয়, পোষক দ্রব্যসমূহে ভূ–গর্ভস্থ পানী আৰু পৃষ্ঠীয় জলভাগৰ সৈতে মিলি যায় বা বায়ুলৈ বাষ্পীভৱন হয়৷ পোষক দ্রব্যক লৈ চলোৱা অধ্যয়নে দেখুৱায় যে ভাৰতৰ শস্য বেষ্টনীৰ মূল ৰাজ্য পঞ্জাব, হাৰিয়ানা আৰু উত্তৰ প্রদেশৰ পশ্চিম আৰু সমীপৰ অঞ্চলে সর্বাধিক উদ্বৃত্ত নাইট্ৰ’জেন বহন কৰে৷ সাৰ ব্যৱহাৰৰ অদক্ষতাই পঞ্জাব, হাৰিয়ানা আৰু উত্তৰ প্রদেশৰ অংশবিশেষত বিক্রিয়াশীল নাইট্ৰ’জেনৰ বৃহৎ পাৰিপাৰ্শ্বিক বোজা বহন কৰি আহিছে৷ উল্লেখ্য যে নাইট্ৰ’জেন প্রদূষণৰ ফলত পানীত অতিৰিক্ত নাইট্ৰ’জেন মিহলি হয় আৰু সামুদ্রিক শেলাইৰ দ্রুত বৃদ্ধি হয়, যি জলচৰ প্রাণীৰ বাবে অত্যন্ত ক্ষতিকাৰক৷ এমোনিয়া আৰু নাইট্ৰ’জেন অক্সাইডে কণা পদার্থ আৰু অম্ল বৃষ্টিত অৰিহণা যোগায়, যি জনস্বাস্থ্য (শ্বাসত ৰোগ)ৰ বাবে ভাবুকি কঢ়িয়াই আনে৷ নাইট্ৰাছ অক্সাইড হ’ল শক্তিশালী সেউজগৃহ গেছ, যাৰ কার্বন–ডাই–অক্সাইড প্রায় ৩১০ গুণ অধিক উষ্ণায়নৰ ক্ষমতা থকাৰ লগতে অ’জন স্তৰৰ ই ক্ষতি কৰে৷ ভাৰত চৰকাৰে এই নীৰৱ সংকট স্বীকাৰ কৰি বহু সক্রিয় পদক্ষেপ গ্রহণ কৰিছে৷ সাৰ উদ্যোগসমূহে সম্প্রতি ২৪X৭ অবিৰত নির্গমন নিৰীক্ষণ ব্যৱস্থা (চিইএমএছ) স্থাপন কৰি কঠোৰ নির্গমন নীতি অৱলম্বন কৰিবলৈ বাধ্য হৈছে৷ ভাৰতীয় কৃষি গৱেষণা পৰিষদে (আই চি এ আৰ) নিম আবৃত ইউৰিয়া, ভূমি পৰীক্ষাৰ ভিত্তিত পোষক দ্রব্য ব্যৱস্থাপনাৰ লগতে সঠিক উৎস, সঠিক হাৰ, সঠিক সময় আৰু সঠিক স্থানক উৎসাহিত কৰে৷ ভূমিৰ স্বাস্থ্য কার্ড আঁচনিয়ে তথ্য সংগ্রহ আৰু সমতাপূর্ণ সাৰ প্রয়োগৰ বাবে কৃষকক সঠিক নির্দেশনাৰে আগুৱাই নিয়াত সহায় কৰে৷ অমৃত (এ এম আৰ ইউ টি) আৰু গংগা চাফাই ৰাষ্ট্রীয় অভিযানৰ দৰে আঁচনিৰ অধীনত নলা পৰিশোধন আন্তঃগাঁথনি উন্নীতকৰণৰ জৰিয়তে নগৰীয়া নাইট্ৰ’জেনৰ বোজাৰ মোকাবিলা কৰা হৈছে৷ ইফালে, কেন্দ্রীয় আৰু ৰাজ্যিক প্রদূষণ পৰিষদে বাস্তৱ সময়ত বায়ুৰ গুণাগুণ নিৰীক্ষণ কৰি নাইট্ৰ’জেন অক্সাইডক নগৰীয়া প্রধান প্রদূষক হিচাপে চিনাক্ত কৰিছে৷ বাহনৰ কঠোৰ নির্গমন নীতি (বিএছ ৬), ইন্ধন উন্নীতকৰণ আৰু উদ্যোগসমূহত প্রদূষণ নিয়ন্ত্রণ বলৱৎ আদিৰো ব্যৱস্থা কৰা হৈছে৷ এই প্রচেষ্টাসমূহ অব্যাহত থকা সত্ত্বেও সংহত ব্যৱস্থা গ্রহণৰ শীঘ্রতা বৃদ্ধি পাইছে৷ ভাৰতত কৃষিয়েই হ’ল নাইট্ৰাছ অক্সাইড নির্গমনৰ সর্বাধিক উৎস৷ এইক্ষেত্রত সমন্বিত নাইট্ৰ’জেন নীতিয়ে জলবায়ুৰ ক্ষেত্রত বিপুল লাভ সৃষ্টি কৰিব পাৰে৷ নাহট্ৰ’জেন হ’ল চমকপ্রদ পোষক উপাদান আৰু সম্ভাব্য বিপদ– দুয়োটাই বাস্তৱ৷ বিবেচনাসহকাৰে ব্যৱহাৰ কৰিলে ই কৃষি উৎপাদনশীলতাক আগুৱাই নিব পাৰে৷ ইয়াৰ লগতে খাদ্য সুৰক্ষাও নিশ্চিত কৰিব পাৰে৷ ভাৰতে ইতিমধ্যে নিয়ন্ত্রণ আন্তঃগাঁথনি, ৰাজসাহায্য সংস্কাৰ আৰু আন্তঃৰাষ্ট্রীয় সহযোগিতাৰে নাইট্ৰ’জেন সংস্কাৰৰ ভেটি স্থাপন কৰিছে৷