নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জটিল ৰোগত আক্ৰান্ত সংগীত শিল্পী অজয় ফুকন, সাহায‍্য আহ্বান

জোনাইৰ বিশিষ্ট সংগীত শিক্ষক তথা বাদ‍্যশিল্পী অজয় ফুকন বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। বিশিষ্ট সংগীত শিক্ষক তথা বাদ‍্যশিল্পী অজয় ফুকনৰ বৃক্কৰ জটিল ৰোগৰ উন্নত চিকিৎসাৰ বাবে সাহায‍্য বিচাৰি আজি জোনাই প্ৰেছ ক্লাবত মিচিং আৰ্টিষ্ট এচোছিয়েচনৰ জোনাই জিলা সমিতি, জোনাই বাদ‍্যশিল্পীসকলৰ উদ‍্যোগত আৰু সদৌ ধেমাজি বাদ‍্যযন্ত্ৰী সন্থাৰ সহযোগত এখন সংবাদ মেল অনুষ্ঠিত হয়।

উল্লেযোগ‍্য যে বিশিষ্ট সংগীত শিক্ষক তথা বাদ‍্যশিল্পী অজয় ফুকনৰ বৃক্কৰ জটিল ৰোগৰ উন্নত চিকিৎসাৰ বাবে চিকিৎসকে বহি:ৰাজ‍্যলৈ যাবলৈ পৰামৰ্শ দিয়ে। সেইমতে বন্ধুবৰ্গৰ পৰা কিছু সাহায‍্য লৈ বাদ‍্যশিল্পী অজয় ফুকনে উন্নত চিকিৎসা গ্ৰহণৰ বাবে আজি বহিঃৰাজ‍্যলৈ ৰাওনা হৈছে। আজি সংবাদ মেলত শিল্পী পৰেশ পাংগিং, দীপ কলিকা, অৰুণ দেউৰী, দেৱে চেত্ৰী, ভক্ত লুংগেলি আদিয়ে বিশিষ্ট সংগীত শিক্ষক তথা বাদ‍্যশিল্পী অজয় ফুকনৰ বৃক্কৰ জটিল ৰোগৰ উন্নত চিকিৎসাৰ বাবে সদাশয় ৰাইজক সাহায‍্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে।

ইচ্ছুক ৰাইজক অজয় ফুকনৰ জোনাই শাখাত থকা বেংক একাউণ্ট নং ৩৩১২৩৪৫২৪১১, আই ইফ এছ চি- এছ বি অই এন ০০০৫৫৫৭ ত সাহায‍্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে।

নিয়মীয়া বাৰ্তা, জোনাই , ২৫ ডিচেম্বৰ :

You might also like