কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৬নং সংযোজন এলেকাত মাছ ধৰাত নিষেধাজ্ঞা
আগন্তুক মাঘ বিহু উৎসৱৰ সময়ছোৱাৰ পৰিপ্ৰেক্ষিতত সামূহিকভাৱে মাছ ধৰা কাৰ্যকলাপ সংঘটিত হোৱাৰ সম্ভাৱনাৰ বিষয়ে প্ৰাপ্ত প্ৰতিবেদনসমূহৰ প্ৰতি লক্ষ্য ৰাখি, লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পৰিৱেশ আৰু চহকী জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ স্বাৰ্থত, শোণিতপুৰ জিলাৰ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS), ২০২৩ ৰ ১৬৩ নং ধাৰাৰ অধীনত শোণিতপুৰ জিলাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৬ নং সংযোজন এলেকাৰ ভিতৰত নিষেধাজ্ঞামূলক আদেশ জাৰি কৰিছে।
উল্লেখযোগ্য যে, ১৯৭২ চনৰ বন্যপ্ৰাণী সুৰক্ষা আইন অনুসৰি উক্ত সংৰক্ষিত এলেকাত যিকোনো ধৰণৰ মাছ ধৰা কাৰ্যকলাপ অবৈধ হোৱাৰ লগতে এনে কাৰ্যকলাপ অব্যাহত থাকিলে সংৰক্ষিত এলেকাৰ উদ্ভিদ আৰু প্ৰাণীকুলৰ অপ্ৰত্যাৱৰ্তনীয় ক্ষতি হোৱাৰ আশংকা থকাৰ বাবেই এই আদেশ জাৰি কৰা হৈছে।
এই মৰ্মে, বিএনএছৰ ১৬৩ নং ধাৰাৰ অধীনত শোণিতপুৰ জিলাৰ জিলা দণ্ডাধীশে ২৪ ডিচেম্বৰৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ আৰু পৰৱৰ্তী আদেশ নিদিয়ালৈকে, শোণিতপুৰ জিলাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৬ নং সংযোজন এলেকাৰ ভিতৰত পূৰ্বানুমতি অবিহনে পাঁচ (৫) জন বা তাতকৈ অধিক ব্যক্তিৰ সমাবেশ বা চলাচল নিষিদ্ধ কৰাৰ লগতে যিকোনো ধৰণৰ অবৈধ মাছ ধৰা কাৰ্যকলাপ সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছে।
উক্ত নিষেধাজ্ঞা সমূহ তাৎক্ষণিক ভাৱে কাৰ্যকৰী কৰা হৈছে আৰু পৰৱৰ্তী আদেশ নিদিয়ালৈকে বলবৎ থাকিব। এই আদেশ উলংঘা কৰিলে ভাৰতীয় ন্যায় সংহিতা (বিএনএছ), ২০২৩ৰ ২২৩ ধাৰাৰ অধীনত শাস্তি প্ৰদান কৰা হ’ব। বন্যপ্ৰাণী আৰু প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণৰ বৃহত্তৰ স্বাৰ্থত এই আদেশ কঠোৰভাৱে মানি চলিবলৈ শোণিতপুৰ জিলা প্ৰশাসনে সকলো নাগৰিকলৈ আহ্বান জনাইছে।
বিশেষ বাৰ্তা তেজপুৰ, ২৫ ডিচেম্বৰ