সম্পাদকীয় : পুনৰ চর্চাত ‘ব্রেন–ড্রেন’ তত্ত্ব
মানুহে সদায় উন্নতমানৰ জীৱন যাপনৰ বাবে অহৰহ প্রচেষ্টা চলায়৷ জীৱন ধাৰণৰ মান উন্নীতকৰণৰ বাবে প্রতিগৰাকী ব্যক্তিয়ে যথাসম্ভৱ সকলো উজাৰি দিয়ে৷ ইয়াৰ বাবে বহু সময়ত মানুহে নকৰিবলগীয়া কামো কৰে৷ উন্নত সা–সুবিধা আৰু মর্যাদাৰে জীয়াই থকাৰ সুযোগ–সুবিধাৰ বাবেই আজিকালি আমাৰ দেশৰ ছাত্র–ছাত্রীসকলে দেশ এৰি অন্য দেশলৈ ধাৱমান হোৱাৰ এক পৰম্পৰা আৰম্ভ হৈছে৷ বিগত সময়ছোৱাত হাজাৰ হাজাৰ ছাত্র–ছাত্রীয়ে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰি অন্য দেশৰ নাগৰিকত্ব গ্রহণ কৰিছে৷ ভাৰতৰ বৈদেশিক মন্ত্রালয়ে প্রকাশ কৰিছে এই উদ্বেগজনক তথ্য৷ এইবাৰ সংসদৰ শীতকালীন অধিৱেশনত কেন্দ্রীয় মন্ত্রী এছ জয়শংকৰে এই তথ্য সদৰী কৰি কৈছে যে ২০১১ চনৰ পৰা ২০২৪ পর্যন্ত ২০ লাখৰো অধিক ভাৰতীয়ই দেশৰ নাগৰিকত্ব ত্যাগ কৰিছে৷ মন্ত্রীগৰাকীয়ে দাঙি ধৰা পৰিসংখ্যাত পোহৰলৈ আহিছে যে ২০২২ চনৰ পৰা নাগৰিকত্ব ত্যাগৰ হাৰ বৃদ্ধি পাইছে৷ পৰিসংখ্যা অনুসৰি ১৪ বছৰত ২০ লাখৰো অধিক লোকে ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰিছে৷ ২০২০ চনৰ পৰা ২০২৪ চনপর্যন্ত এই সংখ্যা ৯ লাখৰো অধিক৷ পৰিসংখ্যাত এই কথাও পোহৰলৈ আহিছে যে ২০১১ চনৰ পৰা ২০২১ চনপর্যন্ত প্রতিবছৰে নাগৰিকত্ব ত্যাগৰ সংখ্যা ১ লাখ ২০ হাজাৰৰ পৰা ১ লাখ ৪৫ হাজাৰৰ ভিতৰত৷ কিন্তু ২০২২ চনৰ পৰা এই সংখ্যাই ২ লাখ স্পর্শ কৰিছে৷ অৱশ্যে কি কাৰণত নাগৰিকত্ব ত্যাগৰ হাৰ বৃদ্ধি পাইছে, তাৰ কোনো সুস্পষ্ট ব্যাখ্যা আগবঢ়োৱা নাই৷ অৱশ্যে কেন্দ্রীয় মন্ত্রী জয়শংকৰৰ মন্ত্রালয়ৰ বক্তব্য অনুসৰি ব্যক্তিগত কাৰণতে বহুতে নাগৰিকত্ব ত্যাগ কৰিছে৷ এই পৰিসংখ্যাৰ সূত্রে পুনৰ ‘ব্রেন–ড্রেন’ তত্ত্বক লৈ চর্চা আৰম্ভ হৈছে৷ এই তথ্য অনুসৰি ভাৰতৰ মেধাৱী ছাত্র-যুৱকসকলে উন্নত সুযোগ–সুবিধাৰ বাবে পশ্চিমীয়া দেশলৈ ঢাপলি মেলিছে৷ ৭০ৰ দশকত ভাৰতৰ নাগৰিকত্ব ত্যাগৰ ঊর্ধ্বমুখী হাৰে এই তত্ত্বক অধিক জোৰ কৰিছিল৷ ভাৰতে দ্বৈত নাগৰিকত্ব (একেলগে দুখন দেশৰ নাগৰিকত্ব) স্বীকাৰ নকৰে৷ আমেৰিকা, কানাডা অথবা ব্রিটেইনৰ নাগৰিকসকলে অন্য দেশৰ নাগৰিকত্ব লাভ কৰিব পাৰে৷ উল্লেখ্য যে অসংখ্য ভাৰতীয় লোকে কর্মসূত্রে বিশ্বৰ বিভিন্ন দেশত সিঁচৰতি হৈ আছে৷ সেই দেশৰ নাগৰিকৰ সুযোগ-সুবিধা লাভৰ বাবে ইয়াৰ বহুতে সংশ্লিষ্ট দেশৰ নাগৰিকত্ব গ্রহণ কৰে৷ নিয়ম অনুসৰি অন্য দেশৰ নাগৰিকত্ব গ্রহণৰ লগে লগে ভাৰতৰ নাগৰিকত্ব হেৰুৱাবলগীয়া হয় তেনে ব্যক্তিয়ে৷ এই বিষয়টোক লৈ সামাজিক মাধ্যমত একাধিকবাৰ ক্ষোভ প্রকাশ কৰিছে একাংশ প্রৱাসী ভাৰতীয়ই৷
তেওঁলোকৰ বক্তব্য এই যে তেওঁলোকে স্বেচ্ছাই নিজৰ ভাৰতীয়ত্ব ত্যাগ কৰিব নিবিচাৰে৷ কিন্তু নিয়মৰ বাবে তেওঁলোকে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিবলগীয়া হৈছে৷ দেশৰ একাংশ মেধাৱী ছাত্র–ছাত্রীৰ মাজত দেশৰ নাগৰিকত্ব ত্যাগ কৰাৰ প্রৱণতাই উদ্বিগ্ণতাৰ সৃষ্টি কৰিছে৷ যাৰ বাবে দাদাভাই মৌৰজীৰ ব্রেন–ড্রেন তত্ত্ব সম্প্রতি চর্চাৰ মাজলৈ আহিছে৷ এই তত্ত্বৰ মূল কথা হৈছে মেধাৰ সৰবৰাহ৷ ৰাজনৈতিক অস্থিৰতা, আর্থিক অনাটন অথবা অন্য ঠাইত উন্নত সুযোগ–সুবিধাৰ বাবে মানুহৰ প্রব্রজন ঘটে৷ ইয়াৰ ফলত এটা অঞ্চল ক্ষতিগ্রস্ত হয়৷ দক্ষতাপূর্ণ ব্যক্তিসকলে উন্নত সুযোগ–সুবিধাৰ বাবে এখন দেশ, শিল্প অথবা প্রতিষ্ঠানৰ পৰা অন্য দেশলৈ স্থানান্তৰিত হ’লেই ‘ব্রেন–ড্রেন’ হয়৷ ইয়াৰ ফলত মূল অৱস্থানৰ মানৱ সম্পদৰ ক্ষতি হ’ব পাৰে৷ ৰাজনৈতিক অস্থিৰতা, জীৱন যাত্রাৰ নিম্নমান আৰু সীমিত অর্থনৈতিক সুযোগৰ দৰে কাৰণবোৰৰ বাবে প্রতিভাৱান লোকসকল শিল্পক্ষেত্র অথবা কোনো প্রতিষ্ঠান এৰি অন্য স্থানলৈ যাত্রা কৰে, তেতিয়া শিল্পক্ষেত্রত ‘ব্রেন–ড্রন’ হোৱা বুলি কোৱা হয়৷ এই পৰিৱর্তন তথা গমনৰ ফলত প্রতিষ্ঠানসমূহে তেওঁলোকৰ শ্রেষ্ঠ কর্মীসকলক হেৰুৱাবলগীয়া হয়৷ ভাৰতৰ মেধাসম্পন্ন ছাত্র–ছাত্রীসকলে দেশ এৰিবলৈ লোৱাৰ প্রভাৱ দেশৰ অর্থনীতিত গভীৰভাৱে পৰা পৰিলক্ষিত হয়৷ কাৰণ ইয়াৰ ফলত দেশত দক্ষ কর্মীৰ অভাৱ অনুভৱ হোৱা দেখা যায়৷ সম্প্রতি যুদ্ধৰ বাবে ইউক্রেইনত আৰু আর্থিক সংকটৰ বাবে পুয়ের্টৰিকোত মেধা সৰবৰাহৰ উল্লেখযোগ্য ঘটনা ঘটিছে৷ প্রকৃততে আমাৰ দেশত সুযোগ–সুবিধাৰ মাজত তীব্র বৈষম্যই দেখা দিয়া বাবেই এইদৰে লাখ লাখ লোকে দেশ এৰিবলৈ লৈছে৷ মানুহে প্রায় ক্ষেত্রতে চাকৰিৰ সন্ধান অথবা তেওঁলোকৰ জীৱনযাত্রাৰ মান উন্নত কৰাৰ বাবে অন্য স্থানলৈ গুচি যায়৷ অৱশ্যে এই গমন দুখন চহৰৰ মাজতো হ’ব পাৰে আৰু দুখন দেশৰ মাজতো হ’ব পাৰে৷ অধিক উন্নত বেতনৰ বাবে এটা প্রতিষ্ঠান বা উদ্যোগৰ পৰা আন এটা উদ্যোগত কাম কৰিবলৈ যোৱা কার্যও ব্রেন–ড্রেনৰ অন্তর্গত৷ ব্রেন–ড্রেনৰ ফলত এখন দেশ, এটা প্রতিষ্ঠান অথবা সংস্থাসমূহে মূল্যৱান তথা সুদক্ষ ব্যক্তিসকলৰ এটা মূল অংশ হেৰুৱায়৷ ইয়াৰ ফলত দেশৰ অর্থনীতি ক্ষতিগ্রস্ত হ’ব পাৰে৷ ভাৰতৰ বৈদেশিক মন্ত্রালয়ৰ শেহতীয়া তথ্যই দেশৰ অর্থনীতিবিদসকলকো উদ্বিগ্ন কৰি তোলা পৰিলক্ষিত হৈছে৷