বছৰৰ অন্তিমটো দেওবাৰত লোকাৰণ্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম
২০২৫ বৰ্ষৰ অন্তিমটো দেওবাৰ হোৱা বাবে আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অগণন দর্শনার্থী আৰু পৰ্যটকে ভিৰ কৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঐতিহাসিক চৰাইদেউ মৈদামত ৷ মন কৰিবলগীয়া এয়ে যে ২০২৪ বৰ্ষত ইউনেস্কৰ দ্বাৰা চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ পাছতে এই স্থান পৰ্যটনৰ অন্যতম কেন্দ্র হিচাপে চিহ্নিত হৈ পৰিছে৷ এনে প্ৰেক্ষাপটত চৰাইদেউ মৈদামথলীত দর্শনার্থী আৰু পৰ্যটকৰ লানি নিছিগা ভিৰ দেখিবলৈ পোৱা গৈছে। প্রাকৃতিক এক মনোমোহা পৰিৱেশ তথা আহোম ৰাজত্বকালৰ বিভিন্ন সমলেৰে ভৰপূৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত পূৰ্বৰ তুলনাত দর্শনার্থী আৰু পৰ্যটকৰ ব্যাপক আগমন ঘটা পৰিলক্ষিত হৈছে৷
মৈদামথলীত বনভোজ দলসমূহে সৃষ্টি কৰা উখল-মাখল পৰিৱেশ এইবাৰো ব্যতিক্ৰম হোৱা নাই। আজি পুৱাৰে পৰা দুপৰীয়া পৰ্যন্ত কেইবাহাজাৰ লোকে মৈদাম এলেকালৈ আহি মৈদাম দৰ্শনৰ লগতে ইয়াৰ নৈসৰ্গিক পৰিৱেশত তৃপ্তিৰে এসাঁজ খোৱাৰ উপলক্ষে ভিৰ কৰা পৰিলক্ষিত হয়। মন কৰিবলগীয়া এয়ে যে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব দৰবাৰত জিলিকাই তোলাৰ মানসেৰে ২০১৫ চনৰ পৰা মৈদাম প্ৰাংগণত অনুষ্ঠিত কৰি অহা চৰাইদেউ মহোৎসৱ এইবছৰো অহা ৯, ১০ আৰু ১১ জানুৱাৰীত তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে ৷ এই উপলক্ষে মৈদাম প্ৰাংগণত ব্যাপক প্ৰস্তুতিৰে মহোৎসৱ উদযাপনৰ প্ৰস্তুতি চলিছে।
প্ৰসংগক্ৰমে উল্লেখ্য যে চৰাইদেউ মৈদামক্ষেত্ৰই ২০২৪ বৰ্ষৰ জুলাই মাহত ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ পাছতে দেশী-বিদেশী পৰ্যটকৰ সমাগমো বৃদ্ধি পাইছে ৷ ২০২৪ বৰ্ষৰ জুলাই মাহৰ পৰা উক্ত বৰ্ষৰ ৯ ডিচেম্বৰ পৰ্যন্ত ৩৪২২১ গৰাকী দেশী পৰ্যটক আৰু একে সময়সীমাত ১১০গৰাকী বিদেশী পৰ্যটক চৰাইদেউ মৈদাম ক্ষেত্ৰলৈ আহিছিল৷ ইয়াৰে সৰহসংখ্যক ভ্ৰমণকাৰীৰ ডিচেম্বৰ মাহত আগমন হৈছিল৷ ইফালে, ২০২৫ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা যোৱা ২০ নৱেম্বৰ পৰ্যন্ত মুঠ ৬৬৬৫৯ গৰাকী দেশী পৰ্যটক আৰু একে সময়সীমাত মুঠ ১৫৯গৰাকী বিদেশী পৰ্যটক মৈদাম ক্ষেত্ৰলৈ অহাৰ তথ্য পোৱা গৈছে৷ অহা ৩১ ডিচেম্বৰ পৰ্যন্ত এই পৰিসংখ্যা যথেষ্ট বৃদ্ধি পাব বুলি বৰ্তমানৰ পৰিৱেশ-পৰিস্থিতিলৈ চাই নিশ্চিত হৈ পৰিছে ৷