চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত দুতুৰীত সংঘটিত হৈছে বোৱাৰী হত্যাৰ ঘটনা। বিহপান কৰোৱাই বোৱাৰীক হত্যাৰ অভিযোগ। ছাহিনুৰ মাহমুদ নামৰ ১৯ বছৰীয়া বোৱাৰীগৰাকীক নিজ গৃহত বিহপান কৰোৱাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ছাহিনুৰৰ ঘৰ বঙাইগাঁও জিলাৰ সোনাইখোলাত।
ছাহিনুৰ মাহমুদৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰে যে যৌতুকজনিত কাৰণত স্বামী তথা পৰিয়ালৰ লোকে শাৰীৰিক-মানসিক অত্যাচাৰ চলাই হত্যা কৰে ছাহিনুৰ মাহমুদক। কেইদিনমান পূৰ্বে বোৱাৰী ছাহিনুৰক বৰপেটাৰ ফকৰুদ্দিন চিকিৎসালয়ত ভৰ্তি কৰায় যদিও ছাহিনুৰৰ অৱস্থা সংকটজনক দেখি ছাহিনুৰৰ পৰিয়ালৰ লোকে বঙাইগাঁওৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায়। শনিবাৰে মৃত্যুৰ হৈতে হাৰ মানি শেষ নিশ্বাস ত্যাগ কৰে ছাহিনুৰ মাহমুদে। পিছত ছাহিনুৰৰ পৰিয়ালৰ লোকে বিজনী থানাত এজাহাৰ দাখিল কৰে।
এজাহাৰ ভিত্তিত বিজনী আৰক্ষীয়ে শনিবাৰে নিশা স্বামী খাইৰুল হুছেইন আৰু শহুৰ হাবিবুল ইছলামক গ্ৰেপ্তাৰ কৰি বিজনী থানালৈ লৈ আনে । অভিযোগ অনুসৰি, ছাহিনুৰ মাহমুদৰ শহুৰৰ পৰিয়ালৰ লোকে মিলি হত্যা কৰে বোৱাৰীগৰাকীক। ইতিমধ্যে বিজনী আৰক্ষীয়ে দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও দুজন পলাতক অৱস্থাত আছে বুলি জানিব দিয়ে ছাহিনুৰৰ পৰিয়ালৰ লোকে। উল্লেখ্য যে ৭ মাহ পূৰ্বে ছাহিনুৰ মাহমুদ আৰু খাইৰুল হুছেইন বিবাহপাশত আবদ্ধ হৈছিল।