নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত আৰম্ভ প্ৰসন্ন নাৰায়ণ চৌধুৰী সদৌ অসম একাংক নাট প্ৰতিযোগিতা

মাধ্যম আন্দোলন নহলে অসমীয়া ভাষা আমি মাধ্যম হিচাপে নাপালোহৈ বুলি মন্তব্য কৰি কয় নাটক অকল মনোৰঞ্জনৰ মাধ্যম নহয়,নাটকে জাতিক জাগ্ৰত কৰিব পাৰে। এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ।

নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা ৩৬ সংখ্যক প্ৰসন্ন নাৰায়ণ চৌধুৰী সদৌ অসম একাংক নাট প্ৰতিযোগিতাৰ আজিৰ উদ্বোধনী অনুষ্ঠানত প্ৰসন্ন নাৰায়ণ চৌধুৰীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলক আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই বন্তি প্ৰজ্বলন কৰি ভাষণ প্ৰসংগত কয়, পিএনচি নাট প্ৰতিযোগিতা অনুষ্ঠিত কৰি উদ্যোক্তা সকলে এক মহান কাম কৰিছে|তেওঁ উদ্যোক্তা সকলক ধন্যবাদ জ্ঞাপন কৰে।

ইপিনে, ৩৬সংখ্যক পিএনচি সদৌ অসম একাংক নাট প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সভাপতি ভৱজিৎ বেজবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত প্ৰসন্ন নাৰায়ণ চৌধুৰীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলক আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই  লগতে ইয়াকো কয়, অসমৰ অপেছাদাৰী নাট্য জগতত পিএনচি নাট প্ৰতিযোগিতাৰ এক সুকীয়া মৰ্যাদা আছে।

শিল্পী সকলৰ বাবে এখন আঁচনি প্ৰৱৰ্তন কৰিবলৈ এখন আঁচনি প্ৰস্তুত কৰিবলৈ চৰকাৰলৈ আহ্বান জনাই ছাত্ৰ নেতাজনে কয় যিখন আঁচনিয়ে শিল্পীৰ দুখৰ দিনত সহায়ক হয়|তেওঁ শিল্পী সকলৰ সম্পদ সমূহ চৰকাৰক সংৰক্ষণ কৰিবলৈ আহ্বান জনায়।

নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিশাল বিক্ৰম চৌধুৰীয়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অজয় বৰ্মণে।স্মৃতিগ্ৰন্থ খন আনুষ্ঠানিকভাৱে উন্মোচন কৰি নলবাৰী জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে ভাষণ প্ৰসংগত উদ্যোক্তা সকলক ধন্যবাদ জ্ঞাপন কৰি কয় ইয়াৰ বাবে সদৌ অসম ছাত্ৰ সন্থা সাধুবাদৰ পাত্ৰ। মাতৃভাষা আইৰ গাখীৰৰ দৰে বুলি মন্তব্য কৰি পাটোৱাৰীয়ে কয় উঠি অহা প্ৰজন্মই প্ৰসন্ন নাৰায়ণ চৌধুৰীৰ বিষয়ে জানিব লাগে।

সভাত বিশিষ্ট অতিথি হিচাপে নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ বাবুল বেজবৰুৱা আৰু আমন্ত্ৰিত অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰিয়াজউদ্দিন আহমেদ,নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিতাল এণ্ড ইনষ্টিটিউটৰ অধ্যক্ষ গণেশ তামুলী, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ অৱসৰী কাৰ্যবাহী বিষয়া বিভূ দত্ত উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

অনুষ্ঠানতে বিশিষ্ট নাট্যশিল্পী ধ্ৰুৱ বৰ্মনক ‘শিল্পী সম্বৰ্ধনা’ জনোৱা হয়। ইয়াৰ পিছতে নাট পৰিচালক অনুপজ্যোতি চৌধুৰীয়ে নাট প্ৰতিযোগিতা উদ্বোধন কৰে। পুৱাৰ ভাগত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ সভাপতি নিৰুজউদ্দিন আহমেদে।

৩৬সংখ্যক প্ৰসন্ন নাৰায়ণ চৌধুৰী সদৌ অসম একাংক নাট প্ৰতিযোগিতা পৰিচালনা সমিতিৰ পতাকা উত্তোলন কৰে নাট প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সভাপতি ভৱজিৎ বেজবৰুৱাই|পিছত নলবাৰীৰ সমাজ জীৱনৰ লগত জড়িত বিশিষ্ট ব্যক্তি সকলে ৩৫ খন পতাকা উত্তোলন কৰে।পুৱাৰ ভাগত ছহিদ তৰ্পণ কৰে সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্তই আৰু মাল্যাৰ্পণ কৰে সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ উপদেষ্টা গুণজ্যোতি পাঠকে।

পুৱা প্ৰসন্ন নাৰায়ণ চৌধুৰীৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন,নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, সাধাৰণ সম্পাদক প্ৰয়াত ৰবীন চৌধুৰী, প্ৰসন্ন কলিতা,অমিয় বৰ্মন, ফুকন বৰ্মন, দীনেশ কলিতা, উপেন ডেকা আৰু শান্তনু বৰ্মনৰ  প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷

উদ্বোধনী অনুষ্ঠানত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা অক্ষয় ডেকা,আছুৰ তথ্য সম্পাদক দুলুজিৎ দাস,কাৰ্যালয় সম্পাদক ভৱজ্যোতি ডেকা,ৰাজ্যিক কাৰ্যনিৰ্বাহক বিমান হালৈকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নিশাৰ ভাগত আবেলি, ভণ্ডৰ অধীন ভগৱান, মাজৰাতি, ধূলাই লুটুৰ পুটুৰ, কৰে নাৱৰীয়া তই, মেলানি, জীৱন (𝙻𝚒𝚏𝚎), ভূমিচম্পা, এটোপ এটোপ কৈ, হে ৰাম আদি নাট প্ৰদৰ্শন কৰা হয়৷।

বিশেষ বাৰ্তা, নলবাৰী, ২৯ ডিচেম্বৰ

You might also like